NORTHEAST NOW (Assamese)

পুৱতি নিশাৰ পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুষলধাৰ বৰষুণ : কৃত্ৰিম বানত ডুব গ’ল মহানগৰীৰৰ বিভিন্ন স্থান

August 20, 2024 9:36 am · এন ই নাও নিউজ

মঙলবাৰে পুৱ্তি নিশাৰ পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুষলধাৰ বৰষুণ হয়। ইতিমধ্যে কেইবাখনো জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে পুৱাৰ পৰাই গুৱাহাটী মহানগৰীতো ধাৰাষাৰে বৰষুণ হয়। এই বৰষুণৰ ফলত মহানগৰীৰ বহু ঠাইত কৃত্ৰিম বানৰ সৃষ্টি হয়।

জানিব পৰা মতে, কাহিলী পুৱাৰ পৰা হোৱা বৰষুণৰ ফলত গুৱাহাটীৰ চানমাৰি, ৰুক্মিণী গাঁও, জু ৰোড, বামুণীমৈদান, হাতীগাঁও আদি কেইবাটাও স্থানৰ বাটপথ বুৰ যায়।

এই বৰষুণৰ ফলত এতিয়া স্বাভাৱিকতে কৰ্মস্থলী আৰু বিদ্যালয়-মহাবিদ্যালয়লৈ যাবলৈ অসুবিধাত পৰিছে ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰী সকল।

ইফালে বৰষুণ সন্দৰ্ভত বতৰ বিজ্ঞান কেন্দ্ৰই অৰেঞ্জ আৰু য়েল্ল এলাৰ্ট জাৰি কৰিছে। কেইবাখনো জিলাত য়েল্ল এলাৰ্ট জাৰি কৰাৰ বিপৰীতে ৩ খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়াত, ডিমা হাচাও, কাছাৰ, যোৰহাট, গোলাঘাট আদি বহু জিলাত য়েল্ল এলাৰ্ট জাৰি কৰাৰ বিপৰীতে ধুবুৰী, কোকৰাঝাৰ আৰু বঙাইগাঁৱত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

লগতে এইদৰে বৰষুণ অব্যাহত থাকিলে পুনৰ কৃত্ৰিম বানত মহানগৰীত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনাই বিৰাজ কৰিছে।

Related News