NORTHEAST NOW (Assamese)

বৃহস্পতি আৰু শুকুৰবাৰে অসম, মেঘালয়ত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা

September 9, 2020 10:26 am · এন ই নাও নিউজ

অসম আৰু মেঘালয়ত বৃহস্পতি আৰু শুকুৰবাৰে প্ৰবল বৃষ্টিপাত হ’ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে।

ৱেদাৰ ডট কমত প্ৰকাশিত বাতৰি অনুসৰি বুধবাৰে উত্তৰ-পূবলৈ মৌচুমী বায়ুয়ে গতি কৰা দেখা গৈছে।

বংগোপ সাগৰৰ পৰা বলা বতাহে মৌচুমী বায়ুক উত্তৰ-পূবলৈ লৈ আহিছে বুলি বাতৰিত প্ৰকাশ পাইছে।

”বৃহস্পতিবাৰে মেঘালয়, অসমকে ধৰি উত্তৰ-পূৱত প্ৰবল বৃষ্টিপাত আৰু বজ্ৰপাত হ’ব,” ৱেদাৰ ডট কমত এইদৰে লিখে।

বুধবাৰেও অসম, মেঘালয় আৰু ছিকিমৰ বিভিন্ন প্ৰান্তত বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। বুধবাৰে অসম আৰু মেঘালয়ত মজলীয়া ধৰণৰ বৃষ্টিপাত হলেও ছিকিমত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে।

অসম আৰু মেঘালয়ৰ উপৰিও নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাতো এই সময়ছোৱাত বৃষ্টিপাত হোৱাৰ সম্ভাৱনা দেখা দিছে।

বুধ, বৃহস্পতি আৰু শুকুৰবাৰৰ ভিতৰত বৃহস্পতিবাৰে অসম আৰু মেঘালয়ত সৰ্বাধিক বৰষুণ হ’ব বুলি ৱেদাৰ ডট কমে প্ৰকাশ কৰিছে।

Related News