শৰাইঘাট দলঙত চলিছে মেৰামতি; যান-জঁটত ঘন্টা ঘন্টা ধৰি আৱদ্ধ যাত্ৰীৰ হাৰাশাস্তি, নিৰ্বিকাৰ প্ৰশাসন

Saraighat bridge traffic jam

ফটো: নৰ্থইষ্ট নাও

শনিবাৰৰ পৰা আৰম্ভ হোৱা পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ কামৰ ফলত নতুন দলঙৰ ওপৰত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে। পুৰণি দলঙৰ মেৰামতিৰ কাম চলি থকা বাবে নতুন দলঙেৰে দুয়ো দিশৰ পৰা যান-বাহনবোৰ আহিবলগীয়া হৈছে।

দেওবাৰে নতুন দলঙৰ ওপৰত তীব্ৰ যান-জঁট সৃষ্টি হোৱাৰ ফলত দলংখন পাৰ হ’বলৈ বাহনসমূহ প্ৰায় দুঘন্টা পৰ্যন্ত ৰ’বলগীয়া লৈছে।

আনহাতে দলঙৰ ওপৰত যান-জঁট নিয়ন্ত্ৰণ কৰিবলৈ কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰশাসনে। মাত্ৰ দুজনমান আৰক্ষীৰ লোকে অসহায়ভাৱে ৰৈ থাকি পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে।

দূৰ-দূৰণিৰ পৰা বিভিন্ন জৰুৰী কামত গুৱাহাটীলৈ অহা লোকসকলৰ লগতে গুৱাহাটীৰ পৰা বাহিৰলৈ যাবলৈ অহা লোকসকলো ভীষণ হাৰশাস্তিৰ সন্মুখীন হৈছে।

পুৰণি দলঙৰ মেৰামতিৰ কাম চলিলে নতুন দলঙৰ ওপৰত যে তীব্ৰ যান-জঁটৰ সৃষ্টি হয় সেয়া পূৰ্বতে অনুমান কৰিব পাৰি। কিয়নো যোৱা বছৰ মাৰ্চৰ শেষৰ পৰা জুনলৈকে প্ৰায় তিনিমাহ ধৰি পুৰণি শৰাইঘাটৰ দলংখনৰ মেৰামতিৰ কাম চলা সময়ত জনসাধাৰণে ভীষণ হাৰাশাস্তিৰ সন্মুখীন হৈছিল আৰু অৱশেষত মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰিবলগীয়াও হৈছিল।

এইবাৰো ২০ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ কাম অহা ৩০ নৱেম্বৰলৈ চলিব বুলি জানিব পৰা গৈছে।

মেৰামতিৰ কাম অৰ্পন কৰা উত্তৰ পূব সীমান্ত ৰেইলৱেই এই কাম খৰতকীয়াভাৱে সম্পন্ন কৰিব লাগে বুলি ভুক্তভোগী জনসাধাৰণে দাবী কৰিছে।

১৯৬৩ চনৰ ৭ জুনত আনুষ্ঠানিকভাৱে মুকলি হোৱা শৰাইঘাটৰ পুৰণি দলঙৰ মেৰামতিৰ কাম যোৱা বছৰ দীঘলীয়াকৈ কৰাৰ এবছৰৰ পাছতে পুনৰ কৰিবলগীয়া হৈছে।

প্ৰকৃততে, দলংখনৰ মেৰামতিৰ কাম কৰাৰ সময়ত নতুন দলঙৰ ওপৰত যান-বাহনসমূহ সুচাৰুৰূপে চলাচলৰ বাবে প্ৰশাসনে যথোচিত ব্যৱস্থা গ্ৰহণ কৰা উচিত আছিল। কিন্তু মেৰামতিৰ কাম এদিন চলাৰ পাছতে দলঙৰ ওপৰত হোৱা তীব্ৰ যান-জঁটে অহাকেইদিনত দলঙৰ ওপৰেৰে অহাযোৱা কৰিবলগীয়া ৰাইজে যে ভীষণ হাৰাশাস্তিৰ সন্মুখীন হ’ব লাগিব তাৰ আশংকা ঘণীভূত হৈছে।