লেবাননত ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইক, হিজবুল্লাহৰ প্ৰত্যাক্ৰমণ; ইজৰাইলত জৰুৰীকালীন অৱস্থা ঘোষণা

ফটোঃ সংগ্ৰহীত।

ইজৰাইলৰ বাহিনী আৰু লেবাননৰ হিজবুল্লাহ গোটৰ মাজত আক্রমণ-প্ৰত্যাক্ৰমণৰ ঘটনা সংঘটিত হৈছে৷ ইজৰাইলত ৪৮ ঘণ্টাৰ বাবে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে।

দেওবাৰে হিজবুল্লাই এক বিবৃতিত কয় যে জুলাই মাহৰ শেষৰ ফালে সংগঠনটোৰ কমাণ্ডাৰ ফুৱাদ শ্বোকাৰৰ হত্যাৰ প্ৰতিশোধ ল’বলৈ ইজৰাইলত বৃহৎ সংখ্যক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে। ইয়াৰ লগে লগে সম্পূৰ্ণ হৈছে আক্ৰমণৰ ‘প্ৰথম পৰ্যায়’।

বিবৃতিটোত লগতে কোৱা হৈছে যে হিজবুল্লাই ইজৰাইলৰ ১১টা সামৰিক ঘাটি আৰু বেৰেক লক্ষ্য কৰি ৩২০টাতকৈও অধিক ৰকেট নিক্ষেপ কৰে। ইয়াৰ ভিতৰত আছে মেৰন ঘাটিকে ধৰি দখল কৰা গোলান মালভূমিৰ চাৰিটা সামৰিক স্থাপনা।

লগতে পঢ়কঃ বন্ধ হৈ গ’ল জিপিএছ ! ছৌদি আৰৱৰ মৰুভূমিত বাট হেৰুৱাই শোকাবহ মৃত্যু ভাৰতীয় যুৱকৰ

আজি পুৱা ইজৰাইলৰ বাহিনীয়ে দক্ষিণ লেবাননত ব্যাপক বিমান আক্ৰমণ চলায়। ইজৰাইলে কয় যে হিজবুল্লাই আক্ৰমণৰ বাবে সাজু হোৱাৰ তথ্য লাভ কৰাৰ পিছতে তেওঁলোকে আগেভাগে আক্ৰমণ আৰম্ভ কৰিছিল।

বাতৰি মতে, ইজৰাইলৰ অধিকাংশ আক্ৰমণ সীমান্ত অঞ্চলক লক্ষ্য কৰি লোৱা হৈছে। ১২০ কিলোমিটাৰ সীমান্তৰ পৰা সৰ্বাধিক পাঁচ কিলোমিটাৰ দূৰত্বত সংঘটিত হয় এই আক্ৰমণ।

ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী যোয়াভ গালাণ্টে ইজৰাইলত আগন্তুক ৪৮ ঘণ্টাৰ বাবে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে বুলি দেশখনৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

লগতে পঢ়কঃস্কুল বাছ মানেই ইয়াৰ ৰং হালধীয়া! কিয় জানেনে? ইয়াৰ আঁৰত আছে ডাঙৰ বৈজ্ঞানিক কাৰণ

ইজৰাইলৰ বেন গুৰিয়ান বিমানবন্দৰ বন্ধ কৰি দিয়া হৈছে। বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইজৰাইলৰ উত্তৰ প্ৰান্তত হিজবুল্লাহৰ আক্ৰমণত কেইজনমান লোক আহত হৈছে। ইয়াৰ উপৰিও ইজৰাইলৰ বিভিন্ন চহৰত বোমা আক্ৰমণৰ সময়ত আশ্ৰয় শিবিৰ খুলি দিয়া হৈছে।