দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পনৰ পিছতে গাৰো পাহাৰৰ অৰণ্যত উদ্ধাৰ গুলীৰ বিশাল ভাণ্ডাৰ

a guli

আলফাৰ উপ-সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাই আত্মসমৰ্পন কৰাৰ পিছতে নাটকীয় ভাৱে আজি মেঘালয়ৰ গাৰো পাহাৰত  আৰক্ষীয়ে উদ্ধাৰ কৰে এণ্টি-টেংক গুলীৰ এক বিশাল ভাণ্ডাৰ৷

এই গুলীৰ ভাণ্ডাৰত  ২৫৪টা এণ্টি-টেংক গুলী থকা বুলি জানিব পৰা গৈছে।  মেঘালয় আৰক্ষীৰ এটা দলে দামালগ্ৰী আৰক্ষী থানাৰ অন্তৰ্গত  নাৰাগ্ৰী অঞ্চলৰ হাবিত মাটিৰ তলত পুতি থোৱা অৱস্থাত  উদ্ধাৰ কৰে এই গুলীৰ ভাণ্ডাৰ৷

এই অঞ্চলটো তুৰাৰ পৰা প্ৰায় পোন্ধৰ কিলোমিটাৰ দূৰৈত অৱস্থিত ।

গাৰো সশস্ত্ৰ বিদ্ৰোহী সংগঠন জি এনএলএৰ সৱল ভেটি থকা অঞ্চলটোত এনেদৰে গুলীৰ ভাণ্ডাৰ উদ্ধাৰ হোৱাৰ কথাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ধাৰণা কৰা অনুসৰি সেই গুলী আলফাই জি এনএলএক দিছিল।