অসমত ‘আইছিছ’ৰ আত্মঘাতী বোমা বিস্ফোৰণৰ আশংকা; প্ৰতিৰোধ কৰিবলৈ সাজু অসম আৰক্ষী

‘আইছিছ’ৰ যিকোনো কূটাঘাতমূলক কাৰ্য প্ৰতিৰোধ কৰিবলৈ আৰক্ষী তৎপৰ হৈ আছে।’ আৰক্ষী আয়ুক্ত দীপক কুমাৰে ৮ মে’ত এক সংবাদমেলত এই মন্তব্য কৰে।

উল্লেখযোগ্য যে গুৱাহাটী মহানগৰীত আইছিছৰ আত্মঘাতী বোমাৰুৱে প্ৰৱেশ কৰি কূটাঘাত সংঘটিত কৰিব বুলি চোৰাংচোৱা সংস্থাই এক তথ্য সদৰী কৰে। চোৰাংচোৱাৰ পৰা এই তথ্য লাভ কৰিয়েই আৰক্ষী আয়ুক্ত দীপক কুমাৰে পল্টনবজাৰৰ আৰক্ষী ছাউনীত কালি অৰ্থাৎ ৮ মে’ত ২০খন থানা আৰু ১৭খন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াসকলক লৈ এখন সভা অনুষ্ঠিত কৰে। সভাত আৰক্ষী আয়ুক্ত গৰাকীয়ে ভাৰপ্ৰাপ্ত বিষয়াসকলক নিজ নিজ এলেকাত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিবলৈ নিৰ্দেশ জাৰি কৰে।

আনহাতে আৰক্ষী আয়ুক্তগৰাকীয়ে সংবাদমেলত সকলো স্পৰ্শকাতৰ স্থানত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢি তুলিছে বুলি সদৰী কৰে। লগতে তেওঁ কয় যে আৰক্ষীয়ে সংগঠনটোৰ সদস্যৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে আৰু জনসাধাৰণকো নিজৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়।

ইতিমধ্যে গুৱাহাটী মহানগৰীৰ বাছ আস্থান, ৰে’লপথ, বিধায়ক আৱাস, সচিবালয়, ৰে’ল ষ্টেশ্যন, কামাখ্যা মন্দিৰ, গুৱাহাটী শোধনাগাৰ, গুৱাহাটী উচ্চ ন্যায়ালয়, শৰাইঘাট দলং, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়কে ধৰি সকলো ৰাজহুৱা স্থানত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা বুলি কুমাৰে দাবী কৰিছে।

তাৰোপৰি ভাৰা দিয়া লোকৰ সঠিক তথ্য-পাতি লৈহে ঘৰভাৰা দিবলৈ বুলি আৰক্ষী আয়ুক্ত গৰাকীয়ে মহানগৰবাসীক আহ্বান জনাইছে। লগতে সন্দেহযুক্ত লোক দেখিলেই ১০০ ত ডাইল কৰাৰ লগতে নিকটৱৰ্তী থানাত খবৰ দিবলৈ আৰক্ষী আয়ুক্ত দীপক কুমাৰে ৰাইজক আহ্বান জনায়।