• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এটেনশ্যন স্বাস্থ্য মন্ত্ৰী! ৰাজ্যৰ স্বাস্থ্যখণ্ডত সৰ্বাধিক হাৰত প্ৰসূতিৰ মৃত্যু

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 11, 2018 7:35 am
Untitled-1 copy (8)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা প্ৰায় পোন্ধৰতা বছৰত তথাকথিত দক্ষ মন্ত্ৰীৰ অধীনত থকা ৰাজ্যৰ স্বাস্থ্য বিভাগটোৰ উন্নয়নৰ স্বৰূপ উদং খাইছে শেহতীয়াকৈ পোহৰলৈ অহা যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ বিগত ৯ দিনত ২০ জনকৈ নবজাতকে মৃত্যুৰ ঘটনাই।

তদুপৰি প্ৰসূতিৰ মৃত্যুৰ আন এক চাঞ্চল্যকৰ তথ্যই পোহৰলৈ আনিছে সফলতাৰ ঢাক-ঢোল কোবোৱা স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ।

এন এইচ আৰ এমৰ ৱেবছাইটত পোহৰলৈ আহিছে সেই তথ্য। চলিত বৰ্ষৰ যোৱা এপ্ৰিল মাহৰ পৰা আৰম্ভ কৰি ১০ নৱেম্বৰ অৰ্থাৎ কালিলৈকে ৰাজ্যত প্ৰসূতিৰ মৃত্যু ঘটিছে ৪৯০ গৰাকী। ইয়াৰে কাছাৰ জিলাত বিগত ৮ মাহত মৃত্যুক সাৱটি লৈছে ৮৯ গৰাকী প্ৰসূতিয়ে।

আনহাতে চৰকাৰী তথ্যৰ ওপৰত ভিত্তি কৰি প্ৰকাশ পোৱা অনুসৰিঃ- বৰপেটাত-২৯,বঙাইগাঁৱত-১৪,কাছাৰত-৮৯,চিৰাঙত-০২, দৰঙত-০৭,ধেমাজিত-০৭, ধুবুৰীত-৩২, ডিব্ৰুগড়ত-২৯, ডিমা-হাচাওত-০৩, গোৱালপাৰাত-১৭, গোলাঘাটত-০৮, হাইলাকান্দিত-১২, যোৰহাটত-১৩, কামৰূপ মহানগৰত -৭৫, কামৰূপ গ্ৰাম্য-০৯, কাৰ্বিআংলঙত-১২,কৰিমগঞ্জত-১৬,কোকৰাঝাৰত-১৪,লখিমপুৰত-০৪,মৰিগাঁৱত-০৮,নগাঁৱত-৩৪, নলবাৰীত-০৫,শিৱসাগৰত-০৪,শোণিতপুৰত-৩৭,তিনিচুকীয়াত-০৬ আৰু ওদালগুৰিত-০৪গৰাকী প্ৰসূতিৰ মৃত্যু হৈছে।

উপৰোক্ত ২৬ খন জিলাত ভুল চিকিৎসা, উন্নত চিকিৎসাৰ অভাৱ আৰু ভেজাল দৰব সেৱন কৰাৰ ফলত ৪৯০ গৰাকী প্ৰসূতি মাতৃয়ে অকাল মৃত্যুক আকোঁৱালি ল’ব লগা হৈছে বুলিও এক গুৰুতৰ অভিযোগ উঠিছে।

আনহাতে, ৰাজ্যত প্ৰসূতিৰ মৃত্যুৰ হাৰ প্ৰতিমাহে যদি চাওঁ তেন্তে আমি দেখা পাম যে, যোৱা এপ্ৰিলত-৫৭ গৰাকী, মে’ত-৭০ গৰাকী, জুনত-৭৪ গৰাকী, জুলাইত-৬৭ গৰাকী, আগষ্টত-৬৫ গৰাকী, ছেপ্টেম্বৰত-৭৮ গৰাকী, অক্টোবৰত-৬৯ গৰাকী, আৰু নৱেম্বৰত-১০ গৰাকী প্ৰসূতি মাতৃৰ মৃত্যু ঘটিছে।

উপৰোক্ত তালিকাখন মন কৰিলে দেখা পাম যে চলিত বৰ্ষৰ জুন মাহত প্ৰসূতিৰ মৃত্যুৰ হাৰ সৰ্বাধিক। দুৰ্ভাগ্যজনকভাৱে, ৰাজ্যখনত প্ৰসূতিৰ মৃত্যুৰ হাৰ বৃদ্ধি হৈয়ে আছে। তদুপৰি তথ্যত প্ৰকাশ পোৱা অনুসৰি ৰাজ্যত প্ৰতিমাহে গড়ে ৭৬ গৰাকী প্ৰসূতিয়ে মৃত্যুক সাৱটি লয়।

উল্লেখ্য যে প্ৰসূতিৰ মৃত্যুৰ সমান্তৰালকৈ পোহৰলৈ আহিছে নৱজাতকৰ মৃত্যুৰ সংখ্যা। ইতিমধ্যে বিগত ৮ মাহত ৩৩৫৭ টা নৱজাতকে মৃত্যুক সাবটি লৈছে।

আনহাতে, এনআৰএইচএমত প্ৰকাশ পোৱা এই উদ্বেগজনক তথ্যৰ পাছতেই নৰ্থ ইষ্ট নাওৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভেজাল দৰৱ কেলেংকাৰিৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি মাত মাতি অহা দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে ।

তেওঁ কয়, “সৰ্বাধিক হাৰত প্ৰসূতিৰ মৃত্যুৰ মূল কাৰণেই হৈছে-এন এইচ এম।এই ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ জৰিয়তে শিশু আৰু প্ৰসূতিক নিম্নমানৰ ভিটামিন,দৰৱ খুওৱাৰ ফলত-নৱজাতক শিশুৰ যি ধৰণেৰে শ্ৰী বৃদ্ধি হ’ব লাগে নহয় আৰু প্ৰসৱকালীন মৃত্যু সংখ্যা বৃদ্ধি পায়। দ্বিতীয়তে চৰকাৰী চিকিৎসালয় সমূহত পৰ্যাপ্ত চিকিৎসক,নাৰ্ছ, চিকিৎসা সামগ্ৰীৰ অভাৱৰ লগতে সু-ব্যৱস্থা নথকাটো। শিশু আৰু প্ৰসূতিৰ সুৰক্ষাৰ বাবে ৰাজ্যখনত কোনো বিশেষ ব্যৱস্থা নাই।”

দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতিগৰাকীয়ে এই মৃত্যুৰ হাৰ বাঢ়ি যোৱা বিষয়টোৰ এক উচ্চস্তৰীয় তদন্তৰ দাবী কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm
মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd