কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাইপথত বসতি পতা গঁড়টো অৱশেষত নিজ গৃহলৈ উভতিল

highway-rhino-1140x570

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা গঁড় অৱশেষত তাৰ প্ৰাকৃতিক বসতিলৈ উভতিল।

বিগত ৭২ঘন্টা ধৰি গঁড়টোৱে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথকে নিজৰ ঘৰ কৰি লৈছিল।

যাত্ৰীসকলৰ লগতে বন বিভাগৰ বিষয়াসকলৰ বাবে এয়া আছিল এক কঠিন সময়।

বানপানী কমাৰ পাছত গঁড়টো সোমবাৰে নিশা ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰলৈ ঘুৰি যায়।

উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন প্ৰতিবছৰে এনেকুৱা সময়ত বানত বুৰ যায়।

বানপানীৰ ফলত বছৰি উদ্যানখনৰ গঁড়কে ধৰি আন বন্যপ্ৰাণী মৃত্যুমুখত পৰে।

ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী বাহনে খুন্দিওৱাৰ ফলতো বহু বন্যপ্ৰাণীৰ মৃত্যু ঘটিছে।

বন বিষয়াসকলে ৭২ঘন্টাতকৈয়ো অধিক সময় ৩৫বছৰীয়া গঁড়টোক সম্ভাৱ্য সকলো সেৱা আগবঢ়ায়।

গঁড়টো আংশিকভাৱে অন্ধ আছিল আৰু প্লাৱিত হৈ পৰাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ উভতি যাবলৈ মানসিকভাৱে প্ৰস্তুত নাছিল।

উল্লেখ্য যে বানপানীয়ে বুৰাই পেলোৱাৰ পাছতো গঁড়টোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ  পৰা ওলাই অহা নাছিল।

গঁড়টো বন্যপ্ৰাণী বসতি অঞ্চলটোৰ মাজতে সোমাই আছিল।

৩৭নং ৰাষ্ট্ৰীয় ঘাইপথটো হৈছে ইয়াৰ দক্ষিণ সীমা।

বন বিভাগ তথা অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে প্ৰায় ১০০ জন্তুৰ মৃত্যু হোৱাৰ লগতে ১৩০টাতকৈয়ো অধিক জন্তুক উদ্ধাৰ কৰা হৈছে। বিশ্ব বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৯৫শতাংশই বানৰ কবলত পৰিছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাহিৰেও মানাস আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা বন্যপ্ৰাণী আৰু তিনিচুকীয়া বন্যপ্ৰাণী অভয়াৰণ্যও বানত আক্ৰান্ত হৈছে।