ক্ৰীড়া মন্ত্ৰণালয়ক অভিযোগ হিমা দাসৰ : কি অভিযোগ দিলে দেশৰ উদীয়মান এথলিট গৰাকীয়ে ?

hima-das-game-theory

এছিয়াৰ বৃহত্তম ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰটো হৈছে ভাৰতৰ পাটিয়ালাস্থিত নেতাজী সুভাষ নেশ্যনেল ইন্সটিটিউট অৱ স্প’ৰ্টছ (Netaji Subhas National Institute of Sports)।

অত্যাধুনিক পৰিকাঠামোৰ দেশৰ বৃহত্তম SAI(Sport Authority of India)ৰ এই প্ৰশিক্ষণ কেন্দ্ৰটো আকৌ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে নিম্ন মানৰ খাদ্য যোগান ধৰাৰ বাবে।

এছিয়ান গেমছৰ পদক বিজয়ী তথা দেশৰ প্ৰথমশাৰীৰ এথলিট অসমৰ হিমা দাসে এই অভিযোগ উত্থাপন কৰিছে দেশৰ বৃহত্তম ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰটোৰ বিপক্ষে।

উল্লেখ্য যে কিছু দিন পূৰ্বে কেন্দ্ৰটোৰ বিৰুদ্ধে কোভিড১৯ৰ প্ৰটোক’ল ভংগৰ কৰাৰ অভিযোগো উত্থাপন হৈছিল।

ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰটোৰ কৰ্মচাৰীসহ অলিম্পিক খেলাৰ সুযোগ পোৱা দুগৰাকী বক্সাৰে কোভিড১৯ প্ৰটোক’ল ভংগ কৰিছিল বুলি চৰ্চা লাভ কৰিছিল।

এই বিতৰ্কৰ পিছতে এইবাৰ হিমা দাসে কেন্দ্ৰটোত অতি নিম্ন মানৰ খাদ্য দিয়া হয় বুলি অভিযোগ উত্থাপন কৰিছে।

আনকি এথলিট হিমা দাসে এই অভিযোগ সম্বলিত এক পত্ৰ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰিছে বুলিও জানিব পৰা গৈছে।

হিমা দাসৰ মতে কেন্দ্ৰটোৰ এনে নিম্ন মানৰ খাদ্যৰে আন্তজাৰ্তিক মানদণ্ডৰ প্ৰতিযোগিতাত পদক জয়ী কৰা সম্ভৱ নহয়।

উল্লেখ্য যে কিছুদিন পূৰ্বে হিমা দাসে খাদ্যত মানুহৰ নখ পোৱাৰ ফ’টো তুলি কেন্দ্ৰটোৰ বিষয়াক অভিযোগ দাখিল কৰিছিল যদিও তেতিয়া কোনো ফল ধৰা নাছিল।

কিন্তু ইয়াৰ পিছত হিমা দাসে কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী কিৰেণ ৰিজুজুক অভিযোগ দাখিল কৰাত মন্ত্ৰীগৰাকীয়ে SAIৰ কৰ্তৃপক্ষক এই বিষয়ে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল।

মন্ত্ৰীগৰাকীৰ নিৰ্দেশৰ পিছতে কৰ্তপক্ষই খাদ্য পৰিদৰ্শন কমিটি গঠন কৰি দিছিল।

এতিয়া প্রশ্ৰ উত্থাপন হৈছে, SAIৰ কৰ্তৃপক্ষই এখন খাদ্য পৰিদৰ্শন কমিটি গঠন কৰি দিয়াৰ পিছতো কেনেকৈ কেন্দ্ৰটোৰ খাদ্য ইমান নিম্ন মানৰ বুলি দেশৰ প্ৰথম শ্ৰেণীৰ এগৰাকী এথলিটে দেশৰ ক্ৰীড়া মন্ত্ৰণালয়লৈ পত্ৰ প্ৰেৰণ কৰিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ল!