দুৰন্ত হিমা! অসম আৰক্ষীত আনুষ্ঠানিকভাৱে যোগদান ধিং এক্সপ্ৰেছৰ

b0b53582-1390-4d8f-88bb-9bbf5e7bcf98

উপ-আৰক্ষী অধীক্ষক হিচাপে আজি অসম আৰক্ষীত আনুষ্ঠানিকভাৱে যোগদান কৰে ধিং এক্সপ্ৰেছ হিমা দাসে।

সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ উপস্থিতিত উপ-আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হয় হিমাক।

অসম আৰক্ষীত যোগদান কৰি উৎফুল্লিত হৈ পৰে হিমা দাস।

অসম চৰকাৰৰ লগতে অসম এথলেটিকছ সংস্থা, অসম অলিম্পিক সন্থাক ধন্যবাদ জ্ঞাপন কৰে হিমাই।

সৰুৰে পৰা হিমাক মাতৃয়ে আৰক্ষী হ’বলৈ অনুপ্ৰেৰণা যোগাই আহিছিল বুলি উল্লেখ কৰি তাৰকা দৌৰবিদ গৰাকীয়ে অসম আৰক্ষীক সকলোৱে একত্ৰিত হৈ আগবঢ়াই লৈ যাব বুলি কয়।

আনহাতে, উপ-পৰিদৰ্শক সকলকো খেলত মনোনিৱেশ কৰিবলৈ আহ্বন জনায় হিমা দাসে।

একেদৰে উপ পৰিদৰ্শক হিচাপে ৫৯৭গৰাকীক নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

ইয়াৰোপৰি, সৰুসজাইত কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ পূৰ্ণাংগ প্ৰতিমূৰ্ত্তিও উন্মোচন কৰে সোণোৱালে।