আৰু কিমান অপমান লাগে অগপক?

অগপক মিত্ৰতাৰ পৰা আঁতৰাই সোণোৱালৰ পাখি কটাৰ বাবেই হিমন্তৰ কৌশল?

Assam animal husbandry minister Atul Bora presser on Classical swine fever in state

অতুল বৰাৰ ফাইল ছবি।

“কিমান পৰ্য্যায়লৈকে অপমান সহ্য কৰি বিজেপিৰ সৈতে মিত্ৰতাত থাকিব অসম গণ পৰিষদ? বিজেপিৰ নেতৃবৃন্দৰ তীব্ৰ বাক্যবাণ কৰাৰ পাছতো কেতকুটেই নকৰা অগপক লৈ এই প্ৰশ্ন কৰিছে ৰাজ্যৰ ৰাজনৈতিক মহলে।

উল্লেখযোগ্য যে, অগপ-বিজেপিয়ে বিগত বিধানসভা নিৰ্বাচনত মিত্ৰতাত থাকি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পঞ্চায়ত নিৰ্বাচন সুকীয়াকৈ খেলাৰ সিদ্ধান্তৰ পিছত দুয়োটা দলৰ মাজত তীক্ষ্ণ বাক্যবাণ এটা নিয়মত পৰিণত হৈছে। বিশেষকৈ বিজেপিৰ নেতাসকলৰ আক্ৰমণাত্মক আৰু অপমানসূচক মন্তব্যই অগপ দলটোৰ মান-সন্মান জনগণৰ দৃষ্টিত বহুখিনি হ্ৰাস কৰিছে। বিজেপিৰ অতিকৈ প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সম্পূৰ্ণ টাৰ্গেট এতিয়া অসম গণ পৰিষদ। তেওঁ অগপই ‘মিত্ৰতাৰ ধৰ্ম পালন নকৰে’ বুলি  কটাক্ষ কৰিলেও বিজেপি বা তেওঁ নিজেও মিত্ৰতাৰ ধৰ্ম কিমান পালন কৰিছে সেই কথা মন কৰিব লগীয়া। যোৱা কেইদিনত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ নামত হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেক দিনাই অগপক কটাক্ষ আৰু বিদ্ৰূপ কৰাটো সকলোৱে দেখি আছে।

অগপৰ সভাপতি অতুল বৰাৰ নিজা বোকাখাত সমষ্টিতে মন্ত্ৰী শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাই উদাত্ত ভাষণ আগ বঢ়ায় কয় যে বোকাখাত সমষ্টিটো অগপক এৰি দিয়াটো বিজেপিৰ ভুল আছিল। লগতে বিজেপি অগপৰ বাবে ফিক্সড ডিপ’জিট বুলি তিৰ্য্যক মন্তব্যও কৰিছিল। “যদি বিজেপি দুৰ্বলৈ হৈ যায়, কংগ্ৰেছে অগপক হাল বাই চহাই নিব।” হিমন্তৰ মন্তব্য।

আনহাতে, মন্ত্ৰীগৰাকীয়ে অগপৰ সভাপতিগৰাকীৰ অস্তিত্ব একেবাৰেই ধূলিসাৎ কৰি কয়, “বিজেপি শাসনলৈ অহাৰ পূৰ্বে অতুল বৰা প্ৰত্যেক বাৰেই বোকাখাতত পৰাজয় বৰণ কৰিছিল।”

কিন্তু হিমন্ত আৰু বিজেপিৰ অন্যান্য নেতাসকলৰ এই ধৰণৰ চূড়ান্ত অপমানসূচক মন্তব্যৰ পিছতো বিজেপিৰ বিৰুদ্ধে অগপ দলৰ নেতৃবৃন্দই একো সবল স্থিতি ল’ব পৰা নাই।

অগপৰ এই গঁড়ৰ ছালৰ দৰে ডাঠ ‘সহনশীলতা’ক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে বিভিন্ন দল-সংগঠনে। কিছু সংখ্যকে অগপক মিত্ৰতাৰ পৰা আঁতৰাই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক অকলশৰীয়া কৰাৰ বাবে হিমন্তই চেষ্টা চলোৱা বুলিও সন্দেহ প্ৰকাশ কৰে।

এই সন্দৰ্ভত নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয় “অগপ এক আঞ্চলিকতাবাদী দল, গতিকে আঞ্চলিকতাবাদ শক্তি হিচাপে আমি বিচাৰো।”

তেওঁ লগতে কয় যে এনেধৰণে আঞ্চলিকতাবাদী শক্তি এটাক বিজেপিৰ সৈতে একত্ৰিত হৈ থকাটো তেওঁলোকে নিবিচাৰে।

আনহাতে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে হিমন্ত বিশ্বৰ এনেবোৰ বক্তব্য তথা আচৰণক তীব্ৰ গৰিহণা দি নৰ্থ ইষ্ট নাওক কয়, “নিৰ্বাচনৰ পূৰ্বে অগপক বিজেপিয়ে হাইজেক কৰি এতিয়া এতিয়া অৱশিষ্ট অংশখিনিও ধ্বংস কৰাটোৱেই মূল এজেণ্ডা হিচাপে লৈছে।”

তেওঁ লগতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতি অগপৰ মন্ত্ৰীকেইগৰাকীৰ দুৰ্বলতা থকা বুলি সদৰী কৰি কয়, “হিমন্ত বিশ্ব শৰ্মাই এই কথা ভালদৰে উপলব্ধি কৰিব পাৰে। সেয়েহে সৰ্বানন্দ সোণোৱালক পাখি কাটিবৰ বাবে দক্ষ মন্ত্ৰীজনে চৰকাৰৰ পৰা অগপক আঁতৰাই পঠিওৱাৰ ষড়যন্ত্ৰ কৰিছে।”

ইয়াৰোপৰি ‘হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱালক অকলশৰীয়া কৰিবৰ বাবে এক ষড়যন্ত্ৰত লিপ্ত হৈছে’ বুলিও তেওঁ কয়।

আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলা জাতীয় দল-সংগঠনৰ প্ৰতি পৰোক্ষভাৱে হ’লেও অগপ নেতৃবৰ্গৰ সমৰ্থন আছে তথা চৰকাৰত থাকি সমৰ্থন কৰিলে দল-সংগঠনসমূহৰ শক্তি বৃদ্ধি হৈ থাকিব পাৰে বুলি হিমন্তই ভালদৰে উপলব্ধি কৰিছে বুলি তেওঁ সন্দেহ কৰে। সেয়েহে অগপ দলৰ বিৰুদ্ধে এনেধৰণে মন্ত্ৰীগৰাকী সৰব হৈ পৰা বুলিও তেওঁ আমাৰ আগত কয়।

তদুপৰি, দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে অগপৰ তিনি মন্ত্ৰীক মেৰুদণ্ডহীন আখ্যা দি কয় “এনেৰণৰ নেতাই কোনো কাৰণতে মন্ত্ৰীত্বৰ সোৱাদ এৰিব নোৱাৰে।”

প্ৰশ্ন হয়, অগপ সভাপতি বৰাই বাৰম্বাৰ ‘নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে মিত্ৰজোঁট ত্যাগ কৰিম’ বুলি সংবাদ মাধ্যমত উদাত্ত কণ্ঠেৰে কৈ আছে যদিও আৰু বিজেপি নেটাৰ কটু বাক্য কিমান পৰ্য্যায়লৈ সহ্য কৰি যাব?