• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বাস্থ্য মন্ত্ৰী হিমন্তৰ অত্যধিক আত্মপ্ৰচাৰে উৎসাহিত কৰিব পৰা নাই নেকি কোভিড যোদ্ধাক?

দুলাল মিশ্ৰ by দুলাল মিশ্ৰ
July 27, 2020 3:01 pm
Mother tongue to be medium of instruction upto Class V in Assam schools
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ লগতে অসমতো চলিছে কাল ক’ৰ’ণাৰ সংহাৰ।

ক’ৰ’ণাৰ বিৰুদ্ধে ঘোষিত যুদ্ধখনত আগভাগ লৈছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।মন্ত্ৰী হিচাবে এয়া তেওঁৰ দায়িত্ব, সেয়া তেওঁ কৰিছে। ভাল কথা।কিন্তু মন্ত্ৰী গৰাকীয়ে  কৰি অহা কেতবোৰ কৰ্মকাণ্ডই সচেতন মহলক ভৱাই তুলিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত কোভিড সংক্ৰমণৰ তথ্য ৰাইজক জনাই আহিছে।এয়াও তেওঁৰ দায়িত্ব বুলিয়েই ধৰি লব পাৰি।কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ’ল হিমন্ত বিশ্ব শৰ্মা অসমৰ স্বাস্থ্য মন্ত্ৰী হে, তেওঁ কোনো স্বাস্থ্য বিশেষজ্ঞ নহয়।

সেয়ে তেওঁ ক’ৰ’ণাৰ সংক্ৰমণ সন্দৰ্ভত কৰি অহা মন্তব্য সমূহ কিমান সঠিক আৰু বিশ্বাসযোগ্য সেই বিষয়ত আনতো নালাগে তেওঁৰ নিজৰেই হয়তো সন্দেহ আছে। হিমন্ত বিশ্ব শৰ্মাৰ কথা শুনি বহুতৰে মনত এনে ভাৱৰ বুৰবুৰণি উঠিছে যে অসমত হয়তো ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ আৰু অন্যান্য বিষয়ত কব পৰা চিকিৎসক অথবা স্বাস্থ্য বিজ্ঞানী এজনো নাই।

কোনো চিকিৎসকে যদি মৰসাহ কৰি ভাইৰাছ বিধৰ বিষয়ে কিবা কয়ো তেন্তে হিমন্তই ‘তেওঁ কোন চিকিৎসক মই চিনিয়েই নাপাও’ জাতীয় মন্তৱ্যৰে বিষয়টোৰ আলোচনাৰ মুদাই মাৰি থৈছে।

স্বাস্থ্য বিশেষজ্ঞ নোহোৱাকৈয়ে ক’ৰ’ণা মহামাৰীৰ সঁচাই–মিছাই তথ্য দি সাধাৰণ জনতাক স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভ্ৰান্ত আৰু শংকিত কৰি তোলা নাই নে?

মন্ত্ৰীয়ে কৰি থকা কাম ফেৰা কোনো চিকিৎসা বিজ্ঞানী অথবা চিকিৎসকে কৰিলে সংক্ৰমণৰ প্ৰকৃত ছবি খন বুজাত ৰাইজৰ সহায় হ’ল হেঁতেন আৰু ভ্ৰান্তি তথা শংকাৰ পৰাও ৰাইজ  মুক্ত হ’লহেঁতেন।

হিমন্ত বিশ্বই সেই সুবিধাকণ দিলে প্ৰকৃত কোভিড যোদ্ধা সকলো উৎসাহিত হ’ল হেঁতেন।হিমন্ত বিশ্বই ক’ৰ’ণা ভাইৰাছ সন্দৰ্ভত যিবোৰ বাখ্যা দিয়ে সেইবোৰ হয়তো কোনো বিশেষজ্ঞক সুধি লৈহে দিয়ে। এই ক্ষেত্ৰত যাক সুধি লোৱা হ’য় তেওঁকেই কোৱাৰ সুবিধা দিলে কথাবোৰ অধিক গ্ৰহণযোগ্য হ’ল হেঁতেন।এনে কৰিলে মন্ত্ৰী গৰাকীৰ প্ৰচাৰ কমক চাৰি বাঢ়িলহে হেঁতেন।

অসমত কৈয়ো দিল্লীত ক’ৰ’ণাৰ ছবি খন বেছি ভয়াৱহ।কিন্তু দিল্লীত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে পি পি ই কিট পিন্ধি আই চি ইউত প্ৰৱেশ কৰা নাই, আই চি ইউৰ ভিতৰত ভিডিঅ’ কৰা নাই।কেজৰিৱালে নিজে বিশেষজ্ঞৰ ভূমিকা নলৈ এইমছৰ সঞ্চালকক ক’ৰ’ণাৰ বিষয়ে তথ্য প্ৰকাশৰ মুক্ত স্বাধীনতা দিছে।

আই চি ইউৰ ভিতৰত সাংবাদিকে ছবি তোলাটো যদি নিষিদ্ধ তেন্তে হিমন্তই আই চি ইউৰ ভিডিঅ’ প্ৰচাৰ কৰাটো কি দৰে আইনসিদ্ধ কথা হ’ল সেয়া বহুতৰে বাবে সাঁথৰ হৈয়ে ৰৈছে।নে মন্ত্ৰী হ’লে যি কোনো কামেই কৰিব পাৰি?

এয়া আত্ম প্রচাৰৰ নামান্তৰ নহয় নে বাৰু? এনে প্ৰচাৰে ৰোগ সংক্ৰমণত কিবা প্ৰকাৰে বাধা দিব পাৰিছেনে?

মন্ত্রী হিমন্তই সচৰাচৰ কৈ অহা— ৰোগৰ ভৱিষ্যত ছবিখন,ভেকচিনৰ অগ্ৰগতি, ‘ক’ৰণা ভাইৰাছ হাতত লৈ খেলি থাকিব পাৰি’,অক্সিজেন লেভেল কমি যোৱা ৰোগীক কেনে দৰৱ দিব পাৰি আদি বিষয় সমূহ অসমৰ চিকিৎসা মহাবিদ্যালয় কেইখনৰ বিশেষজ্ঞ চিকিৎসকে কাৰো পৰা কোনো ধৰণৰ হেঁচা নোপোৱাকৈ বিশ্লেষণ দাঙি ধৰক।

তেতিয়াহে কোভিড যোদ্ধা সকলক যোগ্য দায়িত্ব  অৰ্পন কৰা হ’ব আৰু সন্মাণো প্ৰদৰ্শন কৰা হ’ব।তেতিয়াহে জনতাই প্ৰকৃত জ্ঞান পাব,শংকাও দূৰ হ’ব।

দৰাচলতে এতিয়া সময় নহয় বাঃ বাঃ লোৱাৰ,এতিয়া সময় প্ৰকৃত জ্ঞানেৰে ক’ৰ’ণাক প্ৰতিহত কৰাৰ।

দুলাল মিশ্ৰ

দুলাল মিশ্ৰ

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd