বৰপেটাত পাঁচখন আঁচনিৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

WhatsApp Image 2020-10-07 at 1.42.46 PM

পাঁচখনকৈ আঁচনিৰ আধাৰশিলা স্থাপনৰ উদ্দেশ্যে আজি বৰপেটা চহৰত উপস্থিত হয় লোক নিৰ্মাণ, বিত্ত, শিক্ষা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷

বৰপেটা জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত অনুষ্ঠিত আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে মুঠ পাঁচখন আঁচনিৰ আধাৰশিলা স্থাপন কৰে ৷

মন্ত্ৰী গৰাকীয়ে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ ১০০ খন বিছনাযুক্ত মাতৃ আৰু শিশু চিকিৎসালয়, অসম চৰকাৰৰ স্ব -অগ্ৰাধিকাৰ আঁচনিৰ অধীনত নখন্দা দলঙৰ পৰা বৰপেটা বাঘবৰ পথৰ নলীৰপাৰ সংযোগী পথ নিৰ্মাণ কাৰ্য, চেঙা বহৰি পথ উন্নয়ন কাৰ্য, বাঘবৰৰ আদৰ্শ স্নাতক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে ৷

ভাষণ প্ৰসংগত মন্ত্ৰী গৰাকীয়ে কয় যে, ৰাজ্যৰ ভিতৰত বৰপেটাত প্ৰথমবাৰৰ বাবে একেদিনাই পাঁচখনকৈ আধাৰশিলা স্থাপন কৰা হয় ৷

এই অনুষ্ঠানত সৰভোগৰ বিধায়ক ৰণজিৎ কুমাৰ দাস, বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাস, চেঙাৰ বিধায়ক শুকুৰ আলী, বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ লগতে কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে ৷