সংখ্যাৰ লগত গুণগত মান নাথাকিলে সংখ্যা গুৰুত্বহীন : ড: হিমন্ত বিশ্ব শৰ্মা

nagaon college.docx photo.jpg 2

”শিক্ষকসকলে যিমানেই জ্ঞানৰ পৰিসৰ বঢ়াব পাৰিব সিমানেই ছাত্ৰ ছাত্ৰীৰ বাবে শ্ৰেণী কোঠা আকৰ্ষণীয় হৈ পৰিব। শিক্ষকসকলে পাঠদানৰ ক্ষেত্ৰত মূল বিষয়টো একে ৰাখি দুই এটা সমসাময়িক কথা ক’লে বিষয়টোৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলৰ ধাউতি বাঢ়িব। অধ্যাপক-অধ্যাপিকাসকলে যি জ্ঞানৰ অন্বেষণ কৰে সেয়া ছাত্ৰ ছাত্ৰীৰ আগত সমৰ্পিত ভাৱে আগবঢ়ালে ছাত্ৰ ছাত্ৰীৰ মুখত বেলেগ পোহৰ পৰিস্ফুট হয়,”- এই মন্তব্য অসমৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানি বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

ষাঠি বছৰত পদাৰ্পণ কৰিবলৈ আগবঢ়া নগাঁৱৰ অগ্ৰণী শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত নতুনকৈ নিৰ্মাণ কৰা শৈক্ষিক ভৱন আৰু ডিজিটেল লাইব্ৰেৰী উদ্বোধন কৰি  মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কয়, ‘’সমাজৰ হিতৰ বাবে সকলোৰে দায়িত্বৰ লগতে দায়বদ্ধতাৰ প্ৰয়োজন। সমাজৰ পৰা কিবা পোৱাৰ বিনিময়ত সমাজক ঘূৰাই দিয়াৰ প্ৰৱণতা থকা উচিত। নাগৰিকৰ দায়বদ্ধতা নাথাকিলে এখন ৰাজ্য যিমানেই আগনাবাঢ়ক এটা সময়ত ৰৈ যাব।‘’

মন্ত্ৰী শৰ্মাই লগতে কয়, ‘’আমাৰ চৰকাৰে শিক্ষাৰ মানৰ ওপৰত গুৰুত্ব দিছে। সংখ্যা এটা বেলেগ বস্তু। সংখ্যাৰ লগত গুণগত মান নাথাকিলে সংখ্যা গুৰুত্বহীন হয়। আমাৰ চৰকাৰে কলেজ শিক্ষকসকলৰ ওপৰত যিদৰে গুৰুত্ব দিছে অন্য বহু ৰাজ্যই তেনেদৰে গুৰুত্ব দিয়া নাই।‘’

আমাৰ চৰকাৰে ৰাজ্যত ৮ খন মডেল কলেজ আৰম্ভ কৰিছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে অনাগত তিনিটা বছৰত ২০ খন কলেজ প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ উপৰি প্ৰতিটো উন্নয়ন খণ্ডত একোখনকৈ কলেজ প্ৰতিষ্ঠা কৰাৰ চিন্তা চৰ্চা কৰা হৈছে। মন্ত্ৰী শৰ্মাই কয় যে চৰকাৰী স্কুলত দৰিদ্ৰ সীমাৰেখাৰ তলৰ বহু ছাত্ৰী ছাত্ৰীয়ে অধ্যয়ন কৰে। সেইসকল ছাত্ৰ ছাত্ৰীৰ কথা ভাবি নৱম- দশম শ্ৰেণী পৰ্যন্ত বিনামূলীয়া কিতাপ  ছাত্ৰ-ছাত্ৰীৰ হাতত তুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল চৰকাৰে।

অসমৰ দৰিদ্ৰ পৰিয়ালৰ বহু ল’ৰা-ছোৱালীয়ে ধনৰ অভাৱত উচ্চ শিক্ষা গ্ৰহণ কৰিব পৰা নাছিল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া নামভৰ্তি বিনামূলীয়া হোৱা বাবে সকলোৰে বাবে উচ্চ শিক্ষা সম্ভৱ হৈছে। বিগত দুটা বৰ্ষত ২১ লাখ ছাত্ৰ ছাত্ৰীয়ে  বিনামূলীয়াকৈ নামভৰ্তিৰ সুবিধা লাভ কৰিছে। এ ডি পি মহাবিদ্যালয়ৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে এখন মহাবিদ্যালয়ে ৬০ টা বছৰ গৰকাৰ পৰা অনুমান কৰিব পাৰি মহাবিদ্যালয়খনে শৈক্ষিক দিশত আগবঢ়োৱা বৰঙনিৰ কথা। এয়া গৌৰৱ আৰু প্ৰাপ্তিৰ আনন্দৰ সময়।

প্ৰসংগক্ৰমে মন্ত্ৰীগৰাকীয়ে  ভাৰত বিভাজনৰ সময়ত গ্ৰুপিঙৰ বিৰোধিতা কৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈক পশ্চিম বংগৰ শৰৎ চন্দ্ৰ বসু আৰু শ্যামা প্ৰসাদ মুখাৰ্জীয়ে প্ৰতিটো ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছিল বুলি উল্লেখ কৰে।

সভাত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই নগাঁৱৰ উন্নয়নত মন্ত্ৰী শৰ্মাই আগবঢ়োৱা অৱদানৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। আনহাতে মাইলছ ব্ৰঞ্চন, আত্মাৰাম শৰ্মা, মতিৰাম বৰা, হলধৰ ভূঞা, যজ্ঞেশ্বৰ শৰ্মা আদিৰ দৰে মহান ব্যক্তি সকলৰ কথা উল্লেখ কৰি বিধায়ক শৰ্মাই শৈক্ষিক ক্ষেত্ৰত নগাঁও জিলা আগবাঢ়ি যোৱা বুলি উল্লেখ কৰে। সভাত আদৰণী ভাষণ প্ৰদান কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ  ড° সুৰজিত ভাগৱতীয়ে।