গোপন অংকত ব্যস্ত : গুৱাহাটীত মিলিত হ’ল হিমন্ত-কনৰাড

maxresdefault

কনৰাড চাংমা আৰু হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ফটো

বিজেপি নেতা তথা নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্য মন্ত্ৰী তথা এনপিপিৰ নেতা কনৰাড চাংমাই দেওবাৰে নিশা গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত মিলিত হয়। সাক্ষাতৰ সময়ত অগপৰ সভাপতি অতুল বৰাও উপস্থিত থাকে। এই সাক্ষাতে স্বাভাৱিকভাৱেই ৰাজনৈতিক মহলত খলকনিৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে এনপিপি দলে অসমৰ আটাইকেইটা সমষ্টিতে প্ৰাৰ্থী আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল আৰু ইতিমধ্যে পাঁচটা সমষ্টিৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে।

অসমত এনপিপিৰ বিশেষ গণভিত্তি নথকা সত্ত্বেও লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰি দলটোৰ স্থিতি বৃদ্ধি কৰিব খোজাৰ সময়তে বিজেপিয়ে এতিয়া দলটোৰ সৈতে নতুন সমীকৰণৰ বাবে আগবাঢ়িছে।

ইপিনে, কনৰাড চাংমাই কোনো কাৰণ উল্লেখ নকৰাকৈয়ে তেওঁ অনুষ্ঠিত কৰিবলগীয়া সংবাদমেলখন বাতিল কৰিছে। অসমত দলটোৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ’বলগীয়া নেতাসকলে দলটোৱে নিজৰ স্থিতি স্পষ্ট কৰিব নোৱাৰাত বিপাঙত পৰা দেখা গৈছে।

দেওবাৰে নিশা হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমা মিলিত হৈ কি বুজাবুজিত উপনীত হৈছে সেয়া পোহৰলৈ অহা নাই যদিও দুয়োটা দলেই যে আসন্ন লোকসভা নিৰ্বাচনত গোপন বুজাবুজিৰে নিৰ্বাচনত অৱতীৰ্ণ হ’ব তাৰেই ইংগিত দাঙি ধৰিছে।

আনহাতে, কংগ্ৰেছে ইতিমধ্যে কনৰাড চাংমাৰ এনপিপি দলক বিজেপিৰ বি টীম হিচাপে অভিহিত কৰি আহিছে।

দলৰ তলৰ পৰ্যায়ৰ নেতাসকলক অন্ধকাৰত ৰাখি এনপিপিৰ নেতৃত্বই বিজেপিৰে গোপন বুজাবুজিত আহিলে আগন্তুক সময়ত দলটোত ভাঙোন অহাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।