হিম্মৎসিংকাৰ বাসগৃহত ড্ৰাগছ উদ্ধাৰক কেন্দ্ৰ কৰি ঠিকাদাৰ ভাগ্য কলিতাৰ বিৰুদ্ধে হিম্মৎসিংকাৰ পত্নীৰ এজাহাৰ

Rajesh-Himatsingka

হিম্মৎসিংকাৰ ফাইল ফটো

বিতৰ্কিত ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকাৰ পত্নীয়ে ঠিকাদাৰ ভাগ্য কলিতাৰ বিৰুদ্ধে ভঙাগড় আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে।

ভঙাগড় আৰক্ষীয়ে জনোৱা মতে, ঠিকাদাৰ ভাগ্য কলিতাই ৯ ছেপ্তেম্বৰত সন্ধিয়া হিম্মৎসিংকাৰ ভঙাগড়ৰ গৃহলৈ আহি সন্দেহযুক্ত সামগ্ৰী ব্যৱসায়ীগৰাকীৰ ঘৰত গোপনে ৰাখি তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰছনা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে হিম্মৎসিংকাৰ পত্নীয়ে।

উল্লেখযোগ্য যে, ৯ ছেপ্তেম্বৰৰ নিশা বিতৰ্কিত ব্যৱসায়ী হিম্মৎসিংকাৰ ভঙাগড়স্থিত বাসগৃহত চি আই ডিয়ে আকস্মিকভাৱে অভিযান চলাই নিচাজাতীয় হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হৈছিল।

মুঠ ৩৮টা কণ্টেইনাৰত থকা হেৰ’ইনখিনি বাসগৃহৰ ছোফাৰ তলত লুকুৱাই থোৱা আছিল।

হিম্মৎসিংকাৰ পত্নীৰ এজাহাৰৰ ভিত্তিত ভঙাগড় আৰক্ষীয়ে ঠিকাদাৰ ভাগ্য কলিতাৰ বিৰুদ্ধে ৩৭৬/১৯ নম্বৰত এটা গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে।

ৰাজেশ হিম্মৎসিংকা পূৰ্বেও কেইবাটাও অপৰাধমূলক ঘটনাত জড়িত হোৱাৰ উদাহৰণ আছে।

৭০ বছৰীয়া কোটিপতি ব্যৱসায়ীজনৰ বিৰুদ্ধে ভূমি দখল, ধন আত্মসাৎ, কম বয়সীয়া সুন্দৰী যুৱতীৰ সৈতে লীলাখেলা আদি বিভিন্ন অভিযোগ আছে।

এইবোৰ অভিযোগৰ গোচৰত তেওঁ পূৰ্বে জেইললৈও যাব লগীয়া হৈছিল।

যোৱা জুলাই মাহত তেওঁৰ আমচৈৰ চাহ বাগিচাৰ মাজত থকা নিজা বাসগৃহত এগৰাকী সুন্দৰী যুৱতী গুলীবিদ্ধ হৈছিল, যিটো ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল। এইটো ঘটনাৰ বাবেও তেওঁ গ্ৰেপ্তাৰ হৈছিল।