‘সময় পাৰ হ’ল’: আদানি গ্ৰুপক কটাক্ষ আমেৰিকাৰ প্ৰতিষ্ঠানৰ; গোচৰ তৰাৰ বাবে প্ৰত্যাহ্বান

আমেৰিকান প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গ ৰিচাৰ্চ আদানিৰ শ্বেয়াৰ সম্পৰ্কত নিজৰ স্থিতিত অটুট আছে। তেওঁলোকে দাবী কৰে যে আদানি গ্ৰুপৰ কোম্পানীবোৰে চৰম বিত্তীয় সংকটৰ সন্মুখীন হৈছে। ঋণৰ বোজাত যিকোনো সময়তে ভাঙি পৰিব পাৰে সাম্ৰাজ্য। শ্বেয়াৰৰ মূল্যৰ পতন হ’ব পাৰে। হিণ্ডেনবাৰ্গ ৰিচাৰ্চে যোৱা সপ্তাহৰ শেষত এটা প্ৰতিবেদন প্ৰকাশ কৰিছিল য’ত এইটো উল্লেখ কৰা হৈছে।

এই প্ৰতিবেদন প্ৰকাশৰ প্ৰায় লগে লগে আদানি গ্ৰুপৰ সাতটা কোম্পানীৰ ষ্টক সাংঘাতিক ধৰণে হ্ৰাস পাইছিল। হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আদানি গ্ৰুপেও এটা বিবৃতি দিছিল। “আমি আচৰিত হৈছো যে আমাৰ সৈতে আলোচনা নকৰাকৈ ইচ্ছাকৃতভাৱে তথ্য বিকৃতিকৰণৰ সৈতে এটা ভিত্তিহীন প্ৰতিবেদন প্ৰকাশ কৰা হৈছে। কিছুমান দাবী কৰা হৈছে যিবোৰ অতীতত উচ্চতম ন্যায়ালয়ত ভুল প্ৰমাণিত হৈছিল।‘’

লগতে পঢ়ক: চোমালিয়াত আমেৰিকাৰ সেনাৰ অভিযানত নিহত শীৰ্ষ আই এছ কমাণ্ডাৰ বিলাল আল-ছুদানী

ইয়াৰ পিছতে ২৬জানুৱাৰীত হিণ্ডেনবাৰ্গ ৰিচাৰ্চে প্ৰতিক্ৰিয়াস্বৰূপে পুনৰ এক বিবৃতি প্ৰকাশ কৰে। তাত লিখা হৈছে, “আমাৰ প্ৰতিবেদন প্ৰকাশ হোৱাৰ ৩৬ ঘণ্টাৰো অধিক সময় অতিবাহিত হৈছে। আদানীয়ে আমাক উল্লেখ কৰা কোনো বিষয়ৰ কোনো সঠিক ব্যাখ্যা দিয়া নাই। আমাৰ প্ৰতিবেদনৰ শেষত আমি মুঠ 88 টা পোনপটীয়া প্ৰশ্ন উত্থাপন কৰিছিলোঁ। আমি বিশ্বাস কৰোঁ যে ইয়াৰ জৰিয়তে আমি কোম্পানীটোক স্বচ্ছতা দেখুওৱাৰ সুযোগ দিছিলো। আদানীয়ে এতিয়ালৈকে সেইবোৰৰ কোনো সঁহাৰি দিয়া নাই।‘’

তাৰপিছতে সংস্থাটোৱে  লিখিছে, “ইয়াৰ বিপৰীতে, আদানীয়ে আশা কৰা অনুসৰি ভাবুকি প্ৰদান কৰিছে। সংবাদ মাধ্যমৰ আগত দিয়া এক বিবৃতিত আদানীয়ে আমাৰ ১০৬ পৃষ্ঠাৰ, ৩২,০০০ শব্দ, ৭২০ টা সূত্ৰ আৰু দুবছৰৰ প্ৰতিবেদনক বিনা গৱেষণাই কৰা বুলি উল্লেখ কৰিছে।‘’

উক্ত বিবৃতিটোত আদানি গ্ৰুপে কৈছিল যে তেওঁলোকে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতীয় আইনৰ কিছুমান ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি হিণ্ডেনবাৰ্গৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ পৰিকল্পনা কৰিছে। হিণ্ডেনবাৰ্গ ৰিচাৰ্চে সেই কথাও উল্লেখ কৰিছে।

লগতে পঢ়ক: ”টেংকেৰে আৰম্ভ, ইয়াৰ পিছত পাৰমাণৱিক বোমা”-বিডেন প্ৰশাসনক তীব্ৰ সমালোচনা ডোনাল্ড ট্ৰাম্পৰ

হিণ্ডেনবাৰ্গে আইনী পদক্ষেপ সন্দৰ্ভত কৈছে, ” জানি থোৱা ভাল যে আমি এনে ধৰণৰ প্ৰচেষ্টাক আদৰণি জনাও। আমি আমাৰ প্ৰতিবেদনকলৈ সম্পূৰ্ণ আত্মবিশ্বাসী। আনকি আমাৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা গ্ৰহণ কৰিলেও তাত একো লাভ নহ’ব।”

সংস্থাটোৱে দাবী কৰিছে যে যদি আদানি সঁচাকৈয়ে সচেতন হয়, তেওঁলোকে আমেৰিকা যুক্তৰাষ্ট্ৰত য’ত আমি কাম কৰোঁ তাত আইনী পদক্ষেপ লোৱা উচিত। আমি আপোনাৰ কিছুমান নথিপত্ৰ চাব বিচাৰো যাক আমি আইনী প্ৰক্ৰিয়াৰ সময়ত তদন্তৰ বাবে দাবী কৰিব পাৰোঁ।