শীঘ্ৰে সৰুপৰ্দাত প্ৰদৰ্শিত হ’ব মহাপুৰুষজনাৰ জীৱনভিত্তিক প্ৰথমখন হিন্দী ধাৰাবাহিক

Sankardev Film

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

বৰঅসমৰ জনক, জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ বৈচিত্ৰময় জীৱনধাৰাৰ ওপৰত প্ৰথমবাৰৰ বাবে হিন্দী ভাষাত নিৰ্মান কৰি থকা হৈছে মহাপুৰুষগৰাকীৰ জীৱনভিত্তিক ধাৰাবাহিক এখন।

অলপতে উত্তৰ-পূবৰ বাবে নতুনকৈ মুকলি কৰা ‘অৰুণ প্ৰভা’ চেনেলৰ বেনাৰত মাক্ৰাৰী এণ্টাৰটেইণ্টমেন নেট’ৱৰ্ক প্ৰাইভেট লিমিটেডে নিৰ্মান কৰি আছে মহাপুৰুষজনাৰ জীৱনভিত্তিক হিন্দী ভাষাৰ ধাৰাবাহিকখন।

ইতিমধ্যে, ডিব্ৰুগড় জিলাৰ জকাই অঞ্চলৰ মনোৰম প্ৰাকৃতিক পৰিৱেশৰ মাজত ধাৰাবাহিকখনৰ চিত্ৰগ্ৰহণৰ কাম আৰম্ভ হৈছে। ভালেসংখ্যক স্থানীয় আৰু বাহিৰৰ শিল্পীয়ে ধাৰাবাহিকখনত অভিনয় কৰিছে।

ধাৰাবাহিকখন পৰিচালনাৰ দায়িত্ব লাভ কৰিছে খ্যাতিসম্পন্ন পৰিচালিকা মায়া ছেঞ্জি দাসে। কাহিনী ব্যৱস্থাপনাৰ কাম কৰিছে ড০ সঞ্জীৱ বৰকাকতিয়ে।

আনহাতে, মহাপুৰুষজনাৰ জীৱনভিত্তিক হিন্দী ধাৰাবাহিকখনত শ্ৰীমন্ত শঙ্কৰদেৱৰ নামভূমিকাত অভিনয় কৰিছে মুম্বাইৰ সৰুপৰ্দাৰ জনপ্ৰিয় অভিনেতা হৰ্ষবৰ্ধন ৰাণাই, শঙ্কৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱৰ চৰিত্ৰ ৰূপায়ন কৰিছে অভিনেতা নিলীম দত্তই।

শঙ্কৰদেৱৰ জীৱনত গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰা আইতাক খেৰসুতি, মহাৰাজ নৰনাৰায়ণ আৰু চিলাৰায়ৰ চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে ৰীণা বৰা, অৰূপ বৰা আৰু প্ৰধান দেউৰীয়ে।

ধাৰাবাহিকখনৰ পৰিচালক মায়া চেঞ্জি দাসে ধাৰাবাহিকখন মুঠ তেৰটা খণ্ডত দূৰদৰ্শন কৰ্তৃপক্ষই প্ৰচাৰৰ অনুমতি প্ৰদান কৰিছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

উল্লেখযোগ্য যে, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জীৱনৰ ওপৰত হিন্দীভাষাত নিৰ্মান হ’বলগীয়া ধাৰাবাহিকখনৰ যোগেদি মহাপুৰুষজনাৰ আদৰ্শ, সৃষ্টিৰাজি পুনৰবাৰ ভাৰতৰ মজিয়াত প্ৰতিষ্ঠা কৰা হ’ব বুলি আশা প্ৰকাশ কৰে পৰিচালকগৰাকীয়ে।

ইয়াৰ পূৰ্বেও শঙ্কৰদেৱৰ সাহিত্য, নাটক ইংৰাজীৰ লগতে ভাৰতৰ বিভিন্ন ভাষলৈ অনুদিত কৰা হৈছে।