NORTHEAST NOW (Assamese)

পাকিস্তানত ইতিহাস ৰচনা এগৰাকী হিন্দু যুৱতীৰ; কি ইতিহাস ৰচনা কৰিলে যুৱতীগৰাকীয়ে?

May 9, 2021 5:27 pm · এন ই নাও নিউজ
Updated: May 9, 2021 5:33 pm

পাকিস্তানত ইতিহাস সৃষ্টি কৰিছে এগৰাকী হিন্দু যুৱতীয়ে।

পাকিস্তানৰ স্বাধীনতাৰ ৭৩ টা বছৰৰ পিছত প্ৰথমবাৰলৈ এগৰাকী হিন্দু যুৱতীয়ে দেশখনৰ সৰ্বোচ্চ প্ৰতিযোগিতামূলক পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হৈছে।

পাকিস্তানৰ আটাইতকৈ কঠিতম প্ৰতিযোগিতামূলক পৰীক্ষা ‘চেন্ট্ৰেল চুপিৰিয়ৰ চাৰ্ভিছেছ(CSS)’ৰ পৰীক্ষাত উত্তীৰ্ণ হৈ প্ৰশাসনীয় সেৱাৰ বাবে নিৰ্বাচিত হৈছে হিন্দু যুৱতীগৰাকীয়ে।

এই পৰীক্ষাত ১৮,৫৫৩ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল আৰু ইয়াৰ মজাৰ মাত্ৰ ২২১ গৰাকীহে উত্তীৰ্ণ হৈছে। দেশখনৰ সৰ্বোচ্চ প্ৰশাসনীয় বাছনি পৰীক্ষাটোত মাত্ৰ ২ শতাংশ পৰীক্ষাৰ্থীহে এইবাৰ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

সফলতা লাভ কৰা ২২১ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৭৯ গৰাকী মহিলা পৰীক্ষাৰ্থী আছে আৰু তাৰ মাজত মাত্ৰ এগৰাকীহে হিন্দু যুৱতী আছে।

যুৱতীগৰাকী হৈছে পাকিস্তানৰ সিন্ধু প্ৰদেশৰ শিকাৰপুৰ জিলাৰ গ্ৰামীণ অঞ্চলৰ চানা ৰামচান্দ। সিদ্ধ প্ৰদেশৰ চন্দাকা মেডিকেলৰ কলেজৰ পৰা এমবিবিএছ ডিগ্ৰী লাভ কৰা চানা কৰাচিৰ চিভিল হাস্পতালত কৰ্মৰত আছিল।

আনহাতে সিন্ধ ইনষ্টিটিউট অৱ ইউৰ’লজি এণ্ড ট্ৰান্সপাৰেন্টৰ পৰা চাৰ্জনৰ ডিগ্ৰীও লাভ কৰিছে চানাই। ইয়াৰ পৰাই পাকিস্তানৰ CSSৰ বাবে প্ৰস্তুতি চলাই সফলতা লাভ কৰিছে হিন্দু যুৱতীগৰাকীয়ে।

চানাৰ সফলতাৰ পিছত চ’ছিয়েল মিডিয়াত অসংখ্যজনে শুভেচ্ছা জ্ঞাপন কৰিছে। তাৰ মাজত পাকিস্তান পিপলছ পাৰ্টিৰ বৰ্ষীয়ান নেতা ফাৰহাতুল্লাহ বাবৰো অন্যতম।

“চানা ৰামচান্দক অভিনন্দন জনাইছো। তেওঁ পাকিস্তানৰ হিন্দু সম্প্ৰদায়ক গৰ্বিত কৰি তুলিছে।” ফাৰহাতুল্লাহ বাবৰে কয়।

Related News