কমিউনিষ্টৰ বোকোচাত হিন্দুত্ববাদী শিলাদিত্য!

Shiladitya

শিলাদিত্য দেবৰ ফাইল ফটো : নৰ্থইষ্ট নাও

ৰাজনীতিত কমিউনিজম আৰু হিন্দুত্ববাদৰ মিলন নহয়। অতি কেন্দ্ৰীভূত, দমনমূলক শাসন চলোৱাৰ ঐতিহাসিক সাক্ষ্য থকা আৰু একে সময়তে তীব্ৰ “বৈপৰীত্য” বজাই চলা এই দুই শিবিৰৰ এক অদ্ভূত ৰাজনৈতিক খিচিৰি ৰান্ধিব খুজিছে বিজেপি বিধায়ক শিলাদিত্য দেবে।

হেমাংগ বিশ্বাস লোক, গণ সংগীত জগতৰ এগৰাকী স্বনামধন্য শিল্পী আৰু সংগঠক হোৱাৰ লগতে ভাৰতৰ কমিউনিষ্টৰো এক আইকন। তাৰ বিপৰীতে বিজেপিৰ শিলাদিত্য দেবৰ নিজৰ ৰাজনীতিক লৈ খুব স্পষ্ট– তেওঁৰ নিজৰ ভাষাতে “মই হিন্দুত্ববাদৰ ৰাজনীতি কৰো”।

শিলাদিত্য দেবে মুখ খোলাৰ দিন ধৰি অসমত তেওঁৰ মন্তব্যক লৈ হৈ আহিছে ব্যাপক বিতৰ্ক। বিভিন্ন মহলে আপত্তি কৰি আনকি গোচৰো ৰুজু কৰিছে।  তাৰ বিপৰীতে হেমাংগ বিশ্বাসে গাইছিল “হাৰাধন-ৰংমনৰ গীত”, ভূপেন হাজৰিকাৰ সৈতে, অসমৰ আন এছোৱা উত্তাল, হিংস্ৰ সময়ত।

অসমৰ সকলো খিলঞ্জীয়াই সৰ্বাত্মক বিৰোধিতা কৰা নাগৰিকত্ব বিধেয়্ক সমৰ্থনকাৰী ৰাজ্যৰ ২৬টা বাঙালী সংগঠনৰ উমৈহতীয়া মঞ্চ চি আৰ পি এফ এ-ই পাতিব খোজা সমাৱেশে আজি পৰ্য্যন্ত সন্মুখীন হৈছে ব্যাপক জনৰোষৰ। অসম সাহিত্য সভাৰ সৈতে বৈঠকৰ পিছত এই সমাৱেশ বিধেয়কৰ সমৰ্থনত নহয় আৰু ইয়াক “মৈত্ৰী সন্মিলন” নাম দিছে আয়োজকসকলে।

আৰু এতিয়া কমিউনিষ্ট হেমাংগ বিশ্বাসৰ জন্মদিনত (শিলাদিত্য দেবৰ মতে ১২, আমি জনাত ১৪ ডিচেম্বৰ) ‘‘মৈত্ৰী সন্মিলন” পাতিব খুজিছে হিন্দুত্ববাদী, কমিউনিষ্টবিৰোধী দেব মুখ্য আহ্বায়কৰূপে থকা চি আৰ পি এফ এ-ই।

নাগৰিকত্ব বিধেয়কক লৈ সঘনে চৰ্চিত হোৱা অসম আন্দোলনৰ সময়তো অসমলৈ আহিছিল হেমাংগ বিশ্বাস। কৈছিল আন্দোলনকাৰী আৰু বিৰোধী দুয়োপক্ষতে থকা ‘‘আৱেগৰ আধিক্য” আৰু যুক্তিযুক্ততাৰ কথা।

“মঘাই ওজাক জীৱনৰ সৰ্বশ্ৰেষ্ঠ আৱিষ্কাৰ” বোলা ‘কমিউনিষ্ট’ হেমাংগৰ বোকোচাত উঠি নাগৰিকত্ব বিধেয়কে অনা প্ৰত্যাহ্বানৰ বৈতৰণী পাৰ হ’ব পাৰিবনে স্বঘোষিত ‘হিন্দুত্ববাদী’ শিলাদিত্য দেবে?