একৈশ বছৰ পুৰণি গোচৰত ঐতিহাসিক ৰায় আদালতৰ: সন্তুষ্টি প্ৰকাশ মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়াৰ

Dibyajyoti Saikia

গোচৰৰ ২১ টা বছৰ অতিক্ৰম কৰাৰ পিছত অসমৰ এখন আদালতে এই গোচৰ সন্দৰ্ভত কৰিছে এক ঐতিহাসিক ৰায়দান। বিজনী অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশে আজি ২১ বছৰ পূৰ্বে সংঘটিত চিৰাং জিলাৰ বান্দুগুৰি গাঁৱৰ ডাইনীকাণ্ডৰ অভিযুক্ত সকলক যাৱজ্জীৱন কাৰাদণ্ড বিহে।

বিজনী অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ এই ঐতিহাসিক ৰায়দানকলৈ সন্তুষ্টি প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট মানৱ অধিকাৰ কর্মী তথা অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতামূলক অভিযান চলাই অহা ড৹ দিব্যজ্যোতি শইকীয়াই।

আদালতৰ ৰায়ৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ড৹ শইকীয়াই বহু পলমকৈ হলেও নিৰ্যাতিত নিৰীহ পৰিয়ালটিয়ে ন্যায় লাভ কৰাত সন্তুষ্টি লাভ কৰা বুলি মন্তব্য কৰে।

উল্লেখ্য যে ড৹ দিব্যজ্যোতি শইকীয়াই ২০০৮ চনৰ পৰা ডাইনীৰ নামত অত্যাচাৰ তথা হত্যাকাণ্ড ৰোধ কৰাৰ বাবে এখন কঠোৰ আইন প্ৰণয়নৰ দাবী জনাই আহিছিল। বিভিন্ন সময়ত তেওঁ এনে আইনৰ প্ৰাসঙ্গিকতাৰ সন্দৰ্ভত সজাগতামূলক কাৰ্যসূচীও গ্ৰহণ কৰি আহিছে।

ৰাজ্য চৰকাৰে ২০১৮ বর্ষত “দ্যা আসাম ৱিতস হ্যানটিং পি পি পি এক্ট ২০১৫” নামেৰে এখন কঠোৰ আইন প্ৰণয়ন কৰে। এই আইনৰ আধাৰতে আজি এটা ঐতিহাসিক ৰায় ন্যায়ালয়ে প্ৰদান কৰে।

ড৹ দিব্যজ্যোতি শইকীয়াই কয় যে ন্যায়ালয়ে উচিত ৰায় প্ৰদান কৰাৰ ফলত অদূৰ ভৱিষ্যতে এনেধৰণৰ ডাইনীৰ নামত জঘন্য ঘটনা সংঘটিত কৰিবৰ বাবে কোনো লোকে সাহস নকৰিব। তেখেতে লগতে উক্ত আইন সন্দৰ্ভত অধিক প্ৰচাৰ কৰিবৰ বাবে চৰকাৰলৈ আহ্বান জনায়।

উল্লেখ্য যে ২১ বছৰ পূৰ্বে বান্দুগুৰী গাঁৱত ডাইনীৰ নামত সংঘটিত হৈছিল এক জঘন্য হত্যাকাণ্ড। ডাইনীৰ নামত একেটা পৰিয়ালৰে তিনিজনকৈ লোকক নৃশংসভাৱে হত্যা কৰা হৈছিল।

এই জঘন্য ঘটনাৰ লগত জড়িত আছিল ১২ জনকৈ লোক। অৱশেষত ২১ বছৰৰ পিছত এই জঘন্য ঘটনাৰ লগত জড়িত সকলক শাস্তি প্ৰদান কৰা হ’ল। ২১ বছৰ পূৰ্বে ডাইনীৰ নামত হত্যা কৰা হৈছিল একেটা পৰিয়ালৰ গাংগুলী বসুমতাৰী, মালাৰাম বসুমতাৰী আৰু পানীৰাম বসুমতাৰীক।