আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

এক বৰ্ণিল ইতিহাস সুঁৱৰি মধ্য অসমৰ তিৱা জনগোষ্ঠীয় ৰাইজৰ সম্প্ৰীতিৰ স্বাক্ষৰ বহনকাৰী ঐতিহাসিক জোনবিল মেলাখন আজিৰ পৰা তিনিদিনীয়াকৈ জাগীৰোড-মৰিগাঁও সংযোগী পথৰ দাঁতিত জোনবিলৰ পাৰত অনুষ্ঠিত হ’ব।

উল্লেখ্য যে,আধুনিক সমাজ ব্যৱস্থাৰ ধামখুমীয়াত সমাজখনৰ বহুতো আমূল পৰিবৰ্তন হৈছে যদিও তাৰ মাজতে গোভা ৰজাই নিৰ্ধাৰণ কৰি দিয়া সময় তথা দিনটোতেই এতিয়াও অনুষ্ঠিত হৈ আহিছে জোনবিল মেলা।

আধুনিক বিজ্ঞান আৰু তথ্য প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নৰ সময়তো এদিনৰ বাবে স্তব্ধ হৈ পৰিব মুদ্ৰাৰ প্ৰচলন।

বিশ্বৰ কনিষ্ঠতম গোভা ৰজা দীপসিং দেওৰজাই পাৰিষদবৰ্গৰ সৈতে সমূহীয়াকৈ আজি ভোজভাত খাব।

পাহাৰ-ভৈয়ামৰ মামা-মামীসকলৰ উৎপাদিত সামগ্ৰীৰ সম্ভাৰেৰে কাইলৈ অৰ্থাৎ ২২ জানুৱাৰিত আৰম্ভ হ’ব বিনিময় প্ৰথা, সমূহীয়া মৎস্য চিকাৰ।

এই বিনিময় প্ৰথাক সজীৱ কৰি তুলিবলৈ ২১ জানুৱাৰিত ভৈয়াম পাবহি কাৰ্বি আংলং আৰু মেঘালয়ৰ পাহাৰীয়া জনগোষ্ঠীয় লোকসকল।’

ল’ৰ আৰু দলৈৰ নেতৃত্বত ভৈয়ামলৈ অহা লোকসকলে লগত লৈ আহিব বিভিন্ন উৎপাদিত দ্ৰব্য আৰু খাদ্য সম্ভাৰ। একবিংশ শতিকাতো ধনৰ মোহ এৰি মামা-মামী সম্বোধনেৰে ভাৱ বিনিময়ৰ লগতে বিনিময় কৰিব খাদ্য সামগ্ৰী।

স্মতৰ্ব্য যে সম্প্ৰতি বিশ্বায়নৰ যুগত আচৰিত যেন লগা বিনিময় প্ৰথাক প্ৰত্যক্ষ কৰিবলৈ জোনবিল মেলালৈ আগমন ঘটে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সহশ্ৰাধিক লোকৰ।

আনহাতে ২৩ জানুৱাৰিত পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হ’ব ৰাজদৰবাৰ।

মনকৰিবলগীয়া যে অতীতৰ সাতোৰজা,পাচোঁৰজাসকলৰ প্ৰতীকী অৰ্থত থকা বৰ্তমানৰ ৰজাসকলৰ নাই সুকীয়া ৰাজ্য, নাই সুকীয়া প্ৰশাসনিক ক্ষমতা।

এই প্ৰতীকী ৰজাসকলৰ বৰ্তমান অৱস্থা পুতৌজনক। অতীতৰ আহোম আৰু ব্ৰিটিছৰ শাসন কালৰে পৰা শোষিত হৈ অহা এই ৰজাসকলক বৰ্তমান চৰকাৰখনে সাহায্য প্ৰদান কৰি আহিছে।

সেই অনুসৰি ২৩ জানুৱাৰিত অনুষ্ঠিত হ’বলগা ৰাজদৰবাৰতে অসম চৰকাৰৰ তৰফৰ পৰা ৰাজভাট্টা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰিব বুলি জানিব পৰা গৈছে।

ইফালে ক’ভিডসৃষ্ট পৰিবেশৰ বাবে এইবাৰ জোনবিল মেলাত কোনোধৰণৰ বাণিজ্যিক ব্যৱস্থা নাথাকিব বুলিও মেলা উদযাপন সমিতিৰ সম্পাদক জুৰসিং বৰদলৈয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে।