NORTHEAST NOW (Assamese)

এছপাৰগিল্লচিছ : আন এক নতুন ফাংগাছৰ সংক্ৰমণ ঘটিল ৮ জনকৈ লোকৰ, ক’ত?

May 27, 2021 6:25 pm · এন ই নাও নিউজ

মুকৰমাইক’চিছ অথবা ব্লেক ফাংগাছ আৰু হোৱাইট ফাংগাছৰ পাছত এইবাৰ ধৰা পৰিছে এছপাৰগিল্লচিছ (aspergillosis) নামৰ আন এক ফাংগাছৰ সংক্ৰমণ।

ব্লেক ফাংগাছে ভয়াৱহ ৰূপ ধাৰণ কৰা গুজৰাটৰ বদোদৰাৰ চিকৎসকসকলে এই কথা প্ৰকাশ কৰিছে।

ব্লেক ফাংগাছৰ দৰেই এই ফাংগাছ সংক্ৰমণো ক’ভিডৰ পৰা আৰোগ্য হোৱা লোকসকলৰ হোৱা দেখা গৈছে।

বৃহস্পতিবাৰে বদোদৰাত ৮জন এছপাৰগিল্লচিছ সংক্ৰমিত ৰোগী পোৱা গৈছে বুলি চিকিৎসকসকলে দাবী কৰিছে।

ৰোগীকেইজনক স্থানীয় এছএছজি হস্পিতালত ভৰ্তি কৰোৱা হৈছে।

চিকিৎসকসকলে কোৱা মতে, এই সংক্ৰমণবিধ ব্লেক ফাংগাছৰ দৰে মাৰাত্মক নহয় যদিও ক্ষতিসাধন কৰিব পাৰে।

তদুপৰি এই ফাংগাছবিধ উশাহেৰে ভিতৰলৈ প্ৰৱেশ কৰিলেও সিমান প্ৰভাৱ পেলাব নোৱাৰে যদিও হৃদৰোগী আৰু অসুস্থ লোকৰ স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে।

Related News