‘’কাৰোবাৰ যদি কিবা এটা কৰাৰ দূৰন্ত হাবিয়াস থাকে তেনেহ’লে কোনো প্ৰতিকূলতাই তেওঁক বাধা দি ৰাখিব নোৱাৰে’’-হোজাইৰ নেহা দাসে এই কথাষাৰ প্ৰমান কৰি দেখুৱাইছে।
হোজাইৰ বিবেকানন্দ জুনিয়ৰ কলেজৰ এগৰাকী ছাত্ৰী নেহা দাসে নিৰৱিচ্ছিন্ন ‘গাঁঠিৰ বিষ’ৰ যন্ত্ৰণা সহ্য কৰিও যোৱা শনিবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত তৃতীয় বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে।
নেহাই যিকোনো পৰিস্থিতিতে তাই অধ্যয়ন অব্যাহত ৰাখিব বিচাৰে। সকলো যুৱ প্ৰজন্মৰ বাবে তাই এক অনুপ্ৰেৰণা।
হোজাইৰ বিষ্ণুপল্লীৰ প্ৰয়াত দিলীপ দাস আৰু ৰুমা দাসৰ জ্যেষ্ঠ কন্যা নেহা আৰু তাইৰ ৰিষিতা দাস নামৰ এগৰাকী সৰু ভনীয়েকো আছে।
নেহাই পৰীক্ষাত ৪৪.৪ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে। তাই সঠিকভাৱে খোজ কাঢ়িবলৈ আৰু লিখিবলৈ কঠিনতাৰ সন্মুখীন হোৱা সত্ত্বেও ইংৰাজী আৰু বিকল্প ইংৰাজী দুয়োটা বিষয়েত ৫৭ কৈ নম্বৰ লাভ কৰিছে।
‘নৰ্থইষ্ট নাও’ৰ আগত নেহা দাসে কয়,’’ অষ্টম শ্ৰেণীলৈকে সকলোবোৰ ঠিকেই আছিল কিন্তু তাৰপাছত হঠাতে সকলোবোৰ সলনি হৈ গ’ল।‘’
তাই কয়, ‘’ মোৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ সাধ্য অনুযায়ী মোৰ বেমাৰ ভাল কৰাৰ বাবে সম্ভৱপৰ সকলোখিনি কৰিছিল। আনকি আৰ্থিক দৈন্যতাৰ মাজতে তেওঁলোকে ২০১৫ চনত মোক চিকিৎসাৰ বাবে বাংগালোৰলৈ নিছিল। বাংগালোৰৰ পৰা অসমলৈ ঘুৰি অহাৰ পাছতে মোৰ দেউতাৰ ‘ব্ৰেইন ষ্ট্ৰোক’ হৈছিল আৰু এনে উদ্বেগজনক পৰিস্থিতিৰ মাজতে আমি তেওঁক চিৰদিনৰ বাবে হেৰুৱাইছিলো।‘’
‘’মোৰ মা আৰু সৰু ভন্টিয়ে মোৰ শক্তি। তেওঁলোকে সদায় মোক পঢ়াৰ বাবে উৎসাহ যোগাই আহিছে,’’-নেহাই কয়।
নেহাই কয় যে তাই যৎপৰোনাস্তি চেষ্টা কৰিছিল যদিও ফলাফলত তাই সুখী নহয়। এতিয়া তাই ইংৰাজীক প্ৰধান বিষয় হিচাপে লৈ অধ্যয়ন কৰিব বিচাৰে আৰু তাইৰ লক্ষ্য হৈছে এগৰাকী ভাল ‘পাব্লিক ৰিছ’ৰ্স মেনেজাৰ’ হোৱা।
তাই কয় যে তাই খোজ কাঢ়িব নোৱাৰে আৰু আনকি ভালদৰে লিখিবও নোৱাৰে। দৈনিক ৰুটিন হিচাপে তাই পাঠ্যপুথি পঢ়াৰ লগতে ‘হবি’ হিচাপে উপন্যাস পঢ়ি, গান শুনি ভাল পায়। তাইৰ ঘৰত এটা টেলিভিশ্বন ছেট নাই আৰু তাই নৃত্য বাল পায় যদিও সেয়া এতিয়া আৰু সম্ভৱ নহয়।
তাই বিবেকানন্দ জুনিয়ৰ কলেজৰ অধ্যক্ষ বিপ্লৱ আচাৰ্য, কুমকুম লস্কৰ আৰু শিক্ষকসকলক বিনামূলীয়া শিক্ষা আগবঢ়োৱাৰ বাবে তথা পৰীক্ষাৰ দিনকেইটাত পৰীক্ষা কেন্দ্ৰলৈ লৈ যোৱাত সহায় কৰাৰ বাবে ধন্যবাদ জনায়।
নেহাৰ মাক ৰুমা দাসে কয় যে আৰ্থিক সংকটৰ বাবে তাইৰ চিকিৎসা বন্ধ কৰিবলগীয়া হৈছে আৰু এতিয়া তেওঁলোকে আয়ুৰ্বেদিক চিকিৎসা কৰিবলৈ লৈছে।
প্ৰতিভাসম্পন্ন নেহা সমাজৰ বাবে এক জীৱন্ত অনুপ্ৰেৰণা কিন্তু আৰ্থিক দৈন্যতাৰ বাবে তাইৰ ভৱিষ্যত পঢ়াশুনা আৰু চিকিৎসা স্থবিৰ হৈ পৰিছে। তাইৰ পৰিয়ালে এতিয়া কোনোবাই আহি সহায়ৰ হাত আগবঢ়াব বুলি আশাৰে বাট চাই ৰৈছে।