NORTHEAST NOW (Assamese)

হোজাইত ব্যৱসায়ীৰ হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ উদ্ধাৰ, বৰ্তমানলৈকে ৭ জনক আটক

November 24, 2019 12:52 pm · এন ই নাও নিউজ

হোজাইত সংঘটিত ব্যৱসায়ীৰ হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ আজি পুৱা আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে। আৰক্ষীয়ে হোজাইৰ ৰামপুৰ বস্তীৰ সুৰেজ কুমাৰ যাদৱৰ পৰা ৬ জাঁই সজীৱ গুলীসহ এটা ৭.৬৫ এম এম মেগজিন উদ্ধাৰ কৰে।

লগতে এই ঘটনাত জড়িত তিনিজনকৈ অভিযুক্তক আটক কৰে। বৰ্তমানলৈকে আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত মুঠ ৭ জন লোকক আটক কৰিছে।

আটকাধীন ৭ জন অভিযুক্ত হ’ল ক্ৰমে সুৰেজ কুমাৰ যাদৱ, উত্তম দাস, নিতীস কুমাৰ যাদৱ, ৰাজ কুমাৰ, গৌতম সেন, ৰাম কুমাৰ যাদৱ আৰু সন্তোশ কুমাৰ ।

উল্লেখযোগ্য যে ১৩ নৱেম্বৰৰ সন্ধিয়া হোজাই চহৰৰ মাজমজিয়াত এই জঘন্য হত্যাকাণ্ডটো সংঘটিত হৈছিল। দুৰ্বৃত্তৰ গুলীত নিহত হৈছিল হোজাইৰ দক্ষিণ গোলাঘাতিয়াৰ প্ৰসেণজিৎ নন্দী নামৰ ব্যৱসায়ীজন। ইয়াৰ পিছৰে পৰা আৰক্ষীয়ে ক্ষীপ্ৰতাৰে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছিল।

ইফালে হত্যাকাণ্ডৰ লগত জড়িত মূল অভিযুক্ত বৰ্তমানো পলাতক অৱস্থাত আছে আৰু আৰক্ষীয়ে পলাতক অভিযুক্তৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

Related News