‘মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই তোলনী বিয়া খাবলৈ সময় পায়,আমাৰ সমস্যা সমাধানৰ বাবেহে সময় নাপায়’

‘কালিলৈকে উগ্ৰপন্থী হৈ আছে,আজি তেওঁলোকক গামোচা দিছে,চাকৰি দিছে আৰু ব্যক্তিগত নিৰপত্তাৰক্ষী দিছে।তেওঁলোকক দিছে আমি বেয়া পোৱা নাই।কিন্তু আমিতো দেশদ্ৰোহী কাম কৰা নাই।তেন্তে আমাক বঞ্চিত কৰা হৈছে কিয়?’ এই প্ৰশ্ন বছৰৰ পিছত বছৰ ধৰি আন্দোলন কৰিও একো সুফল নোপোৱা এজন গৃহৰক্ষী জোৱানৰ।

যোৱা ৭ মাৰ্চৰ পৰা সদৌ অসম গৃহৰক্ষী বাহিনীৰ নিৰ্দেশ মৰ্মে বিশ্বনাথ জিলাৰ গৃহৰক্ষী জোৱান সকলেও নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি কৰ্মবিৰতি কাৰ্যসূচী পালন কৰি আহিছে।

ক্ষোভত ফাটি পৰা একাংশ গৃহৰক্ষী জোৱানে কয়—মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই তুলনী বিয়া খাবলৈ সময় পায়, কিন্তু আমাৰ সমস্যাটো সমাধান কৰাৰ বাবে তেওঁৰ সময় নাই।কাৰণটো কি?ধৈৰ্য্যৰ সীমা চেৰাই গলে চৰকাৰী পক্ষৰ লগত আমাৰ হতাহতি হ’ব।গুৱাহাটীৰ ৰাজপথত গণতান্ত্ৰিক আন্দোলনত নামিম,পিছত আমাক দোষ দি লাভ নাই’। গৃহৰক্ষী জোৱানৰ কৰ্মবিৰতিৰ আজি পঞ্চম দিন।

পঞ্চম দিন পৰ্যন্ত কোনো চৰকাৰী পক্ষই কৰ্মবিৰতি কাৰ্যসূচী পালন কৰা জোৱানসকলৰ লগত কোনো ধৰণৰ আলাপ- আলোচনা কৰা নাই।

গৃহৰক্ষী বাহিনী সকলৰ অন্তত ঘৰ চলিব পৰাকৈয়ো প্ৰাপ্য আদায় পাবলৈ সক্ষম হোৱা নাই ।

এই দাবীসমূহ চৰকাৰী পক্ষই মানি নল’লে অনাগত সময়ত গৃহৰক্ষী বাহিনীসকলে ৰাজপথত নামি তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ পথ গ্ৰহণ কৰিব বুলি সকিয়াই দিয়ে ।

আজি বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানা চৌহদত গৃহৰক্ষী জোৱান সকলে একত্ৰিত হৈ কৰ্মবিৰতি পালন কৰে।