দুখনকৈ জনসভাত অংশ লৈ আজি বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব অমিত শ্বাহে!

EsaeaS7VcAArt3Q-1140x570

শিৱসাগৰৰ জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে মাটিৰ পট্টা বিলোৱাৰ পাছত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যখনৰ দুখনকৈ জনসভাত অংশ ল’ব।

আজিৰ এই জনসভাতেই কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব বুলি ধাৰণা কৰা হৈছে।

গৃহমন্ত্ৰীগৰাকীয়ে আজি প্ৰথমে কোকৰাঝাৰ আৰু তাৰপাছতে নলবাৰীত বিজয় সংকল্প সমাৰোহত অংশ লব।

কোকৰাঝাৰত অমিত শ্বাহে বিটিআৰ চুক্তিৰ প্ৰথম বাৰ্ষিকী উপলক্ষে আয়োজিত এক অংশ লব।

দুয়োখন সভাতে লক্ষাধিক লোকৰ সমাগম হোৱাৰ আশা কৰা হৈছে আৰু বিজেপি তথা বিটিচি চৰকাৰৰ নেতাসকলে বৃহৎ জনাসমাগমৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছে।

নলবাৰীত প্ৰায় দুই লাখ লোকৰ বৃহৎ সমাগম হ’ব অনুমান কৰা হৈছে।

ইপিনে, নলবাৰীত অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল-সংগঠনে।

চলিত বছৰৰ এপ্ৰিল-মে’ মাহত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে তেওঁলোকৰ নিৰ্বাচনী কুচকাৱাজ ইতিমধ্যে আৰম্ভ কৰিছে আৰু অমিত শ্বাহৰ এইবাৰৰ ভ্ৰমণ তাৰেই এক অংশ বুলিয়েই ধাৰণা কৰা হৈছে।

শনিবাৰে গুৱাহাটীত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উষ্ম আদৰণি জনায়।