NORTHEAST NOW (Assamese)

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm · এন ই নাও নিউজ, গুৱাহাটী

আত্মসমৰ্পণ কৰিলে সোণম ৰঘুবংশীয়ে। আদালতে তেওঁক ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ মূল অভিযুক্ত হিচাপে চিনাক্ত কৰিছে। শেহতীয়াকৈ মেঘালয় উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন মঞ্জুৰ কৰিছিল। কিন্তু উচ্চতম ন্যায়ালয়ে নাকচ কৰে তেওঁৰ জামিন। ৰাজা ৰঘুবংশীৰ পত্নী সোণম ৰঘুবংশীয়ে বুধবাৰে মেঘালয়ৰ আদালতত আত্মসমৰ্পণ কৰে। আদালতে তেওঁক ন্যায়িক জিম্মাত ৰখাৰ নিৰ্দেশ দিছে।

২০২৫ চনৰ মে’ মাহত মধ্যপ্ৰদেশৰ ইন্দোৰৰ বাসিন্দা ৰাজা আৰু সোণম ৰঘুবংশীয়ে মেঘালয়ৰ পূব খাচী পাহাৰত হানিমুনলৈ গৈছিল। তাতেই সোণমে প্ৰেমিকৰ সহায়ত স্বামীক হত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছিল। আৰক্ষীয়ে তেওঁৰ পত্নী সোণমক ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ মূল অভিযুক্ত হিচাপে উল্লেখ কৰিছিল।

শেহতীয়াকৈ শ্বিলঙৰ নিম্ন আদালতে সোণম ৰঘুবংশীৰ জামিন মঞ্জুৰ কৰে। মেঘালয় উচ্চ ন্যায়ালয়েও এই জামিন বাহাল ৰাখে। এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই মেঘালয় চৰকাৰে উচ্চতম ন্যায়ালয়লৈ গৈছিল।

যোৱা ২৩ জুলাইত উচ্চতম ন্যায়ালয়ে সোণমৰ জামিন বাতিল কৰাৰ নিৰ্দেশ দিছিল। একে সময়তে তিনি সপ্তাহৰ ভিতৰত তেওঁক মেঘালয় আদালতৰ সন্মুখত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়া হয়। পূব খাচী পাহাৰৰ আৰক্ষী অধীক্ষক বিবেক ছিয়েমে জনোৱা মতে, বুধবাৰে সোণমে আত্মসমৰ্পণ কৰে।

ইয়াৰ লগতে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এম এম সুন্দ্ৰেশ আৰু ন্যায়াধীশ পি বি ভাৰালেৰ বিভাগীয় বিচাৰপীঠে অহা ছমাহৰ ভিতৰত গোচৰৰ শুনানি আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে। এই সময়সীমাৰ ভিতৰত শুনানি আৰম্ভ নহ’লে সোণমে পুনৰ জামিনৰ বাবে আৱেদন কৰিব পাৰিব বুলিও শীর্ষ ন্যায়ালয়ে জানিবলৈ দিয়ে৷

উল্লেখ্য যে যোৱা বছৰৰ ২ জুনত চেৰাপুঞ্জীৰ সমীপৰ পাহাৰৰ খাৱৈৰ পৰা ৰাজাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। অভিযোগ অনুসৰি প্ৰেমিক ৰাজ কুশৱাহাৰ লগত আলোচনা কৰি সোণমে স্বামীক হত্যা কৰিছিল। ইয়াৰ বাবে তিনিজন ভাৰাতীয়া হত্যাকাৰীক নিয়োগ কৰা বুলিও অভিযোগ উত্থাপন হৈছে।

হত্যাকাণ্ডৰ পিছত সোণমে শ্বিলঙৰ পৰা ইন্দোৰলৈ যোৱাৰ সময়ত কেইবাটাও পথ সলনি কৰে। তাতে তেওঁ প্ৰেমিক ৰাজ কুশৱাহাৰ ঘৰত কিছুদিন আছিল। পিছত উত্তৰ প্ৰদেশৰ গাজীপুৰলৈ পলায়ন কৰে। অৱশ্যে তাৰ পৰাই আৰক্ষীয়ে সোণমক গ্ৰেপ্তাৰ কৰে। পিছত আনসকলকো গ্ৰেপ্তাৰ কৰা হয়।

Related News