নিৰ্বাচনৰ পূৰ্বেই ৰাজ্যত হ’ৰ্ছ ট্ৰেডিং! : কাৰ কুমন্ত্ৰণাত বিপিএফৰ প্ৰাৰ্থীয়ে দল এৰি যোগদান কৰিব বিজেপিত?

a tamu

বিধায়ক ক্ৰয়েৰে নহয় প্ৰাৰ্থী ক্ৰয়েৰে নিৰ্বাচনী ৰণত জয়ী হোৱাৰ অতি নিকৃষ্ট খেল আৰম্ভ কৰিছে নেকি ক্ষমতাসীন বিজেপি দলে!

ইমান দিনে নিৰ্বাচিত জনপ্ৰতিনিধি অৰ্থাৎ সাংসদ/বিধায়ক ক্ৰয়ক হ’ৰ্ছ ট্ৰেডিং বা ঘোঁৰা বেপাৰ বুলি ৰাজনৈতিক পৰিভাষাত কোৱা হৈছিল।

কিন্তু এইবাৰ জনপ্ৰতিনিধি নহয়, জনপ্ৰতিনিধিৰ দৌৰত থকা প্ৰাৰ্থীকেই এই বেপাৰৰ দ্বাৰা ক্ৰয় কৰা প্ৰক্ৰিয়া আৰম্ভ হৈছে। সেয়ে এইবাৰ আমি ‘ঘোঁৰা বেপাৰ’ৰ নহয়, অন্য ৰাজনৈতিক পৰিভাষাহে প্ৰয়োগ কৰিবলৈ আগবাঢ়িছো।

বৰ্তমান এই ৰাজনৈতিক পৰিভাষাৰ বিপৰীতে অন্য এক ৰাজনৈতিক পৰিভাষা ব্যৱহাৰ কৰাটো সময়োচিত বুলি আমি বিবেচনা কৰিছো; আৰু সেয়া হৈছে কাউ ট্ৰেডিং অৰ্থাৎ ‘গৰু বেপাৰ’।

হয়, আমি ১৯৩৩ চনৰ চুইডিছ চ’ছিয়েল ডেম’ক্ৰেটিক পাৰ্টি আৰু চুইডিছ ফাৰ্মাছ লীগৰ চুক্তিত উল্লিখিত উক্ত ৰাজনৈতিক পৰিভাষাটোকে ধাৰলৈ লৈ এক ‘গৰু বেপাৰ’ৰ বাতৰি দিবলৈ উলাইছো।

এয়া ৰাজ্যৰ নিৰ্বাচনী ৰাজনীতিৰ ভোটগ্ৰহণ অথবা নিৰ্বাচনী প্ৰচাৰ সম্পৰ্কীয় বাতৰি নহয়। ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ ভোটদান অব্যাহত থকাৰ সময়তে আহিছে এটা বিস্ফোৰক খবৰ।

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ তামুলপুৰ বিধানসভা সমষ্টিৰ বিপিএফ প্ৰাৰ্থীগৰাকীয়ে দল এৰি যোগদান কৰিব বিজেপিত।

বিজেপিৰ প্ৰতাপী মন্ত্ৰী হিমন্ত শৰ্মাৰ এক টুইটে নিশ্চিত কৰিছে যে এই বিপিএফ প্ৰাৰ্থীগৰাকীয়ে অতি শীঘ্ৰেই বিজেপিত যোগদান কৰাতো খাটাং।

বুধবাৰে দুপৰ নিশাৰ মন্ত্ৰী শৰ্মাৰ এটা টুইটত কোৱা হৈছে যে তামুলপুৰ বিধানসভা সমষ্টিৰ বিপিএফ প্ৰাৰ্থী ৰংজা খুঙ্গুৰ বসুমতাৰী ওৰফে ৰামদাস বসুমতাৰীয়ে বিজেপিত যোগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰি তেওঁক সাক্ষাৎ কৰিছে।

“তামুলপুৰৰ তথাকথিত কংগ্ৰেছ মহাজোঁটৰ বিপিএফ প্ৰাৰ্থী শ্ৰী ৰামদাস বসুমতাৰীয়ে মোক কিছু সময় পূৰ্বে সাক্ষাৎ কৰে। তেওঁ বিজেপিত যোগদানৰ ইচ্ছা প্ৰকাশ কৰিছে আৰু নিৰ্বাচনত অৱতীৰ্ণ নোহোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।” মন্ত্ৰী শৰ্মাই টুইটত কয়।

এতিয়া প্ৰশ্ন হয়, বিপিএফ দলৰ হৈ মনোনয়ন দাখিলৰ লগতে নিৰ্বাচনী প্ৰচাৰত ধন ব্যয় কৰাৰ পিছত এজন প্ৰাৰ্থীয়ে কোনো আৰ্থিক অংক নোহোৱাকৈ নিৰ্বাচনী যুদ্ধৰ পৰা পলায়ন কৰি শাসনাধিষ্ঠ এটা দলৰ সৈতে যোগদান কৰিবলৈ কিয় যাব? কোনো নিকৃষ্ট ৰাজনৈতিক অংক নথকাকৈ বা প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ কুমন্ত্ৰণাৰ অবিহনে এজন প্ৰাৰ্থীয়ে এনে সিদ্ধান্ত ল’ব নে?

ইফালে বুধবাৰে বিপিএফৰ প্ৰাৰ্থীগৰাকীৰ নিৰুদ্দেশ হোৱাৰ বাতৰি প্ৰকাশ পাইছিল। কিছু লোকে প্ৰাৰ্থীগৰাকী অপহৰণ হোৱাৰ আশংকাও কৰিছিল। আকৌ প্ৰশ্ন হয় ২৪ ঘণ্টাই নিৰাপত্তাৰক্ষীৰে ঘেৰি থকা প্ৰাৰ্থীগৰাকীৰ অপহৰণ সম্ভৱ নে? কোনে প্ৰচাৰ কৰিছিল অপহৰণ অথবা নিৰুদ্দেশ হোৱাৰ খবৰ? এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰিলে ৰাজনৈতিক কাৰচাজিৰেই দেখা পোৱা যায়।

আনহাতে যোৱা নিশা লাভ কৰা তথ্য অনুসৰি প্ৰাৰ্থীগৰাকী গুৱাহাটীৰ হোটেল লিলিত বাহৰ পাতি আছিল আৰু য়ুপিপিএলত যোগদান কৰাৰ সম্ভাৱনা আছে বুলিও বাতৰি প্ৰকাশ পাইছিল।

কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজনিশাৰ টুইটটোৱে সেই সকলো জল্পনা কল্পনাৰ ওৰ পেলাই প্ৰাৰ্থীগৰাকী যে কাউ ট্ৰেডিঙৰ চিকাৰ হৈছে সেয়া নিশ্চিত হয়।

ইফালে আন দলত যোগদান কৰিলেও প্ৰাৰ্থীগৰাকীয়ে বিপিএফৰ নাঙৰ প্ৰতীকতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব।

কাৰণ মনোনয়ন প্ৰত্যাহাৰৰ দিন উকলি যোৱাৰ পিছত তেওঁ এতিয়া আৰু প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিব নোৱাৰে। প্ৰাৰ্থীগৰাকীৰ এনে স্থিতিয়ে এতিয়া শলঠেকত পেলাইছে বিপিএফক।

প্ৰাৰ্থীগৰাকীয়ে বৃহস্পতিবাৰে দুপৰীয়া কোকৰঝাৰত নৰেন্দ্ৰ মোদীয়ে উপস্থিত থাকিবলগীয়া নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে।