নৱবৰ্ষৰ সুখবৰ: মাজুলী, কামাখ্যা, কাজিৰঙালৈ মুকলি বিশাল হাউচ ব’ট ‘হংস বাহন’

House boat for Kamakhya, Kaziranga, Majuli launched in Assam

হংস বাহন।

অসমৰ পৰ্যটন ক্ষেত্ৰত দেওবাৰে এক  নতুন সংযোজন ঘটিল। বিশ্বনাথত দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি হ’ল বিশাল হাউচ ব’ট হংস বাহন৷

ব্ৰহ্মপুত্ৰ নদীক লৈ আৰম্ভ হোৱা নদী পৰ্যটনৰ এই নতুন অধ্যায়ে গুপ্তকাশী বিশ্বনাথলৈ আকৰ্ষণ কৰিব দেশী-বিদেশী পৰ্যটকক৷ বিশ্বনাথঘাটৰ উমাটুমনি নদী দ্বীপৰ পৰা যাত্ৰা আৰম্ভ কৰিবলগীয়া এই হংসবাহনত উঠিয়েই পৰ্যটকে দৰ্শন কৰিব পাৰিব শিলঘাটৰ কামাখ্যা মন্দিৰ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে যাব পাৰিব নদী দ্বীপ মাজুলীলৈয়ো৷

হংস বাহনৰ শুভ উদ্বোধন কৰে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে৷ কেৰালাৰ নদী পৰ্যটনৰ পৰা অনুপ্ৰাণিত হৈ অসমৰ এজন পৰ্যটন অনুৰাগী তথা গ্ৰীন আছিয়ানাৰ স্বত্ত্বাধিকাৰী কিশোৰ হাজৰিকাই নিজৰ একক প্ৰচেষ্টাৰে সাজি উলিয়াইছে এই হংসবাহন৷

বৃহৎ নৌকাখনত আছে ৭টাকৈ অত্যাধুনিক শীত-তাপ নিয়ন্ত্ৰিত কোঠা, এটা সভাকক্ষ আৰু এখন ওপঙা ৰেষ্টুৰা৷

উত্তৰ বংগৰ কাৰিকৰে অত্যাধুনিক পদ্ধতিৰে নিৰ্মাণ কৰা এই হংসবাহনত আছে দুটাকৈ ইঞ্জিন৷

ব্ৰহ্মপুত্ৰৰ বুকুত নৈশ নৌকা বিহাৰ, সান্ধ্য ভ্ৰমণ আৰু বিভিন্ন সুস্বাদ্য ব্যঞ্জনৰে এসাঁজ খোৱাৰ সুবিধা থকা এই হংসবাহনে অসমৰ পৰ্যটন মানচিত্ৰত এক নতুন সংযোজন ঘটালে৷

কিশোৰ হাজৰিকাৰ প্ৰচেষ্টাতে আন এখন ব’ট গ্ৰীন আচিয়ানা উদ্বোধন কৰে বিশ্বনাথৰ উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাই৷ যাৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ বুকুত নৌকা বিহাৰ কৰাৰ সুবিধা লাভ কৰিব পৰ্যটকে৷