‘জুবিন গাৰ্গ গেৰুৱা ৰঙৰ এম্বেচাডৰ হ’লে মই কেনেকৈ সমৰ্থন কৰিম?’; তৰুণ গগৈ

জুবিনক কৃষি ক্ষেত্ৰত ব্ৰেণ্ড এম্বেচাডৰৰ উপযুক্ত বুলি নাভাবো : তৰুণ গগৈ

a828a8f0-ae73-46d0-b46b-e8c8b06ffd22

দিছপুৰস্থিত চৰকাৰী আৱাসত সম্বোধন কৰা সংবাদমেলত জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গক চোকা সমালোচনা প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ।

‘জুবিনে গানৰে সাংস্কৃতিক বিপ্লৱ কৰিব পাৰিব। কিন্তু কৃষি ক্ষেত্ৰত ব্ৰেণ্ড এম্বেচাডৰ বাবে উপযুক্ত বুলিও নাভাবো। জুবিন গাৰ্গক সমালোচনা কৰি এইদৰে কয় তৰুণ গগৈয়ে।

ইপিনে, জুবিনৰ স্থিতি সমৰ্থন নকৰো বুলি উল্লেখ কৰি গগৈয়ে লগতে কয় ‘তেওঁ যদি জনতাৰ এম্বেচাডৰ হ’লহেঁতেন, তেন্তে সমৰ্থন কৰিলোহেঁতেন। কিন্তু এটা দলৰ এম্বেচাডৰ হ’লে কেনেকৈ সমৰ্থন কৰিম?’

ইপিনে, জুবিন গাৰ্গক গেৰুৱা এম্বেচাদৰ আখ্যা দি গগৈয়ে লগতে কয় ‘জুবিন গাৰ্গ গেৰুৱা ৰঙৰ এম্বেচাদৰ হ’লে মই কেনেকৈ সমৰ্থন কৰিম? জনতাৰ এম্বেচাডৰ হ’লেহে তেওঁৰ জনপ্ৰিয়তা থাকিল হেঁতেন।‘

তৰুণ গগৈৰ প্ৰশ্ন ‘কাৰ বিৰোধিতা কৰাৰ সময়ত যিবোৰ কথা কৈছিল এতিয়া ৰাইজৰ প্ৰতি দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নে নাই?’

ইপিনে, ‘শিল্পীসকল ৰাজনীতিৰ পৰা বিৰত থকা ভাল।‘ বুলি মন্তব্য কৰি গগৈয়ে সংবাদমেলত দাঙি ধৰে সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰসংগ।

তেওঁ কয় ‘ভূপেন হাজৰিকাৰ কি হ’ল? ভূপেন হাজৰিকাক আমিও শিল্পী হিচাপে সন্মান কৰো। জুবিন গাৰ্গকো সন্মান কৰো। ভূপেন হাজৰিকাক আমিয়ে হৰুৱালো।‘

আনহাতে, কৃষি বিভাগ ফেইল মাৰিলে বাবেই জুবিন গাৰ্গৰ সহায় লোৱা বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে।

‘অতুল বৰাই নিজে স্বীকাৰ কৰিলে তেওঁলোক ফেইল মাৰিলে সেইকাৰণে জুবিনক লাগিব। জুবিনে কৃষিক লৈ বিপ্লৱ কৰিব পাৰিব সেইটো মই নাভাবো।‘ গগৈয়ে এইদৰে কয়।

ইপিনে, শিল্পী বা অন্য সকলো লোককে বিজেপিৰ হাতৰ মুঠিত আনিব বিচাৰিছে বুলি দাবী কৰি গগৈৰ মন্তব্য ‘বিজেপিয়ে জানে শিল্পীসকলে যদি বিৰোধিতা কৰে তেন্তে তেওঁলোকৰ আৰু বিপদ হ’ব।‘

উল্লেখযোগ্য যে, কৃষি ক্ষেত্ৰৰ উন্নয়ন সাধনৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে জুবিন গাৰ্গক ব্ৰেণ্ড এম্বেচাডৰ ঘোষণা কৰিছিল। জুবিন গাৰ্গো কৃষিক্ষেত্ৰত বিপ্লৱ অনাৰ হকে কাম কৰি যাব বুলি ইতিমধ্যে ঘোষণা কৰিছে।

কিন্তু কা বিৰোধী আন্দোলনৰ সময়ত জুবিন গাৰ্গে চৰকাৰক কৰা সমালোচনাৰ বাবে এতিয়া বহুতৰে আক্ৰমণৰ লক্ষ্য হৈ পৰিছে জনপ্ৰিয় কন্ঠশিল্পীগৰাকী।