• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উজনি অসমত মিঞা খেদাৰ নামত প্ৰশাসনৰ সন্মুখতে আইন হাতত তুলি ল’ব পাৰিছে কেনেকৈ? প্ৰশ্ন ডি ৱাই এফ আইৰ

নৰ্থ-ইষ্ট নাও by নৰ্থ-ইষ্ট নাও
August 5, 2025 8:20 pm
49
VIEWS
Share on FacebookShare on Twitter

‘মিঞা’খেদাৰ শ্লোগানেৰে উজনিত কিছুমান সংগঠনে আইন হাতত তুলি লৈ কেৱল সন্দেহৰ ভিত্তিত একাংশ নাগৰিকক নিৰ্যাতন কৰা কাৰ্যক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই) অসম ৰাজ্যিক কমিটিয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু এইধৰণে আইন হাতত তুলি লোৱাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰিছে।

শেহতীয়াভাৱে উজনিৰ বিভিন্ন ঠাইত একাংশ সংগঠনৰ নেতাই “মিঞা” খেদাৰ নামত কেৱল সন্দেহৰ ভিত্তিত একাংশ লোকক ৰাজহুৱা স্থানত মানসিক আৰু শাৰীৰিক নিৰ্যাতন কৰা পৰিলক্ষিত হৈছে। এয়া ৰাজ্যখনৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ প্ৰতি ডাঙৰ ভাবুকি। অসমৰ উজনি-নামনি, বৰাক উপত্যকাই বা ব্ৰহ্মপুত্ৰ উপত্যকাইৰ এখন জিলাৰ লোক আন এখন জিলালৈ গৈ বিভিন্ন কৰ্মত নিয়োজিত হৈ আছে। ৰাজ্যৰ বাহিৰলৈ গৈও লাখ লাখ যুৱক-যুৱতীয়ে জীৱিকাৰ স্বাৰ্থত বিভিন্ন কৰ্মত নিয়োজিত হৈ আছে।

এনে অৱস্থাত কেৱল “ধৰ্ম” আৰু “সন্দেহ”ৰ ভিত্তিত সাংবিধানিক সকলো অধিকাৰ ভৰিৰে মোহাৰি একাংশ লোকক নিৰ্যাতন কৰিলে ভয়ংকৰ পৰিস্থিতি উদ্ভৱ হোৱাৰ আশংকা আছে। ইয়াৰ উপৰি এনে ঘটনাই ৰাজ্যখনত ইমান দিনে মিলা-প্ৰীতিৰে চলি অহা জাতি-জনগোষ্ঠী আৰু বিভিন্ন  ধৰ্মীয় লোকৰ মাজৰ ঐক‍্যলৈও বিপদ মাতি আনিব।

ডি ৱাই এফ আইয়ে আশ্চৰ্য প্ৰকাশ কৰিছে যে এনে আইনবিৰোধী দুষ্কাৰ্য নিৰ্বিঘ্নে চলি থকাৰ পাছতো ৰাজ্যৰ আৰক্ষী প্ৰশাসন নিশ্চুপ হৈ আছে কিয়? এইটো স্পষ্ট যে নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ লোৱা, অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা, খৰাঙৰ কবলত পৰা কৃষকৰ পথাৰত পানী যোগানত ব্যৰ্থ হোৱা, গীৰগাই কেলেংকাৰিয়ে চৰকাৰৰ ভাৱমূৰ্তি নষ্ট কৰাৰ সময়তে এনে উগ্ৰ আৰু সংবিধান বিৰোধী ঘটনা তীব্ৰতৰ হৈছে। সংবিধানৰ শপতলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ চকীত বহা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সম্প্ৰীতি বিঘ্নিত হ’ব পৰা পৰিৱেশ সৃষ্টিৰ প্ৰতি ৰাজহুৱা উচটনি দিয়া পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰীৰ এনে দায়িত্বহীন আৰু নীচ কৰ্মকাণ্ডই ৰাজ্যৰ শান্তি-সম্প্ৰীতি নষ্ট কৰি এক অৰাজক পৰিস্থিতি সৃষ্টি কৰিব পাৰে।

ডি ৱাই এফ আইয়ে মুখ্যমন্ত্ৰীৰ এই দায়িত্বহীন কাৰ্যক কঠোৰ ভাষাৰে নিন্দা কৰিছে আৰু তৎকালে এনে ঘৃণনীয় কাৰ্য বন্ধ কৰিবলৈ দাবী জনাইছে। সংকীৰ্ণ ৰাজনৈতিক লাভালাভৰ উদ্দেশ্যে কৰি থকা এইধৰণৰ প্ৰৰোচনামূলক কাৰ্যত ভৰি নিদিবলৈ সকলো অংশ ৰাইজৰ প্ৰতি ডি ৱাই এফ আইয়ে আহ্বান জনাইছে।

Recent News

যৌ*ন সন্মতিৰ বয়স হ্ৰাস কৰা প্ৰস্তাৱৰ বিৰুদ্ধে ভাৰত চৰকাৰ! শিশু নিৰ্যাতন বৃদ্ধিৰ আশংকা

যৌ*ন সন্মতিৰ বয়স হ্ৰাস কৰা প্ৰস্তাৱৰ বিৰুদ্ধে ভাৰত চৰকাৰ! শিশু নিৰ্যাতন বৃদ্ধিৰ আশংকা

উজনি অসমত মিঞা খেদাৰ নামত প্ৰশাসনৰ সন্মুখতে আইন হাতত তুলি ল’ব পাৰিছে কেনেকৈ? প্ৰশ্ন ডি ৱাই এফ আইৰ

উজনি অসমত মিঞা খেদাৰ নামত প্ৰশাসনৰ সন্মুখতে আইন হাতত তুলি ল’ব পাৰিছে কেনেকৈ? প্ৰশ্ন ডি ৱাই এফ আইৰ

ট্ৰাম্পৰ ভাবুকিৰ পাছতো মৌন ৰাছিয়া! গোপনে চলিছে নেকি ৰাছিয়াৰ বৃহৎ কৌশল?

ট্ৰাম্পৰ ভাবুকিৰ পাছতো মৌন ৰাছিয়া! গোপনে চলিছে নেকি ৰাছিয়াৰ বৃহৎ কৌশল?

ভাই ৰন্টু…! ৰন্টু পানীফুকনলৈ লিখা চিঠিত কি লিখিলে অখিল গগৈয়ে!‎

ভাই ৰন্টু…! ৰন্টু পানীফুকনলৈ লিখা চিঠিত কি লিখিলে অখিল গগৈয়ে!‎

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd