‘‘চীনে ভাৰতৰ ভূমি দখল কৰিছে বুলি আপুনি কেনেকৈ জানে?’’ ৰাহুল গান্ধীক ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ
উচ্চতম ন্যায়ালয়ৰ ককৰ্থনাৰ সন্মুখীন হৈছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী। ২০২০ চনৰ এটা গোচৰত উচ্চতম ন্যায়ালয়ে নিম্ন আদালতৰ কাৰ্যবিধি স্থগিত ৰাখিছে যদিও উচ্চতম ন্যায়ালয়ৰ প্ৰশ্নৰ সন্মুখীন হৈছে ৰাহুল গান্ধী।
২০২০ চনত গালৱান উপত্যকাত ভাৰতীয় জোৱান আৰু চীনা সৈনিকৰ মাজত হোৱা সংঘাত সম্পৰ্কে এক মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে। উক্ত বিতৰ্কিত মন্তব্যৰ পিছত ৰাহুল গান্ধীৰ বিৰুদ্ধে সীমান্ত পথ সংগঠনৰ প্ৰাক্তন সঞ্চালক উদয় শংকৰ শ্ৰীবাস্তৱে গোচৰ দাখিল কৰিছিল।
উক্ত মন্তব্যত চীনে ভাৰতৰ ২০০০ বৰ্গ কিলোমিটাৰ মাটি দখল কৰা বুলি কৈছিল ৰাহুল গান্ধীয়ে।
নিম্ন আদালতৰ পিছত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ৰাহুল গান্ধী।
এই গোচৰত ৰাহুল গান্ধীৰ অধিবক্তআ আছিল জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভী। আদালতত সিংভিয়ে কয় যে সংবাদ মাধ্যমত প্ৰকাশ পোৱা কথাবোৰ যদি তেওঁ ক’ব নোৱাৰে, তেন্তে তেওঁ বিৰোধীৰ নেতা হ’ব নোৱাৰে।
এই সন্দৰ্ভত ন্যায়াধীশ দত্তই কয়, “আপুনি যি ক’ব লাগে, সংসদত কিয় নকয়? ছ’চিয়েল মিডিয়াত এইবোৰ কোৱাৰ প্ৰয়োজন কি?”
তেওঁ কয়, “আপুনি কেনেকৈ গম পালে যে চীনে ভাৰতৰ দুহাজাৰ বৰ্গ কিলোমিটাৰ মাটি দখল কৰিছে? আপুনি তাত উপস্থিত আছিল নেকি? আপোনাৰ হাতত কিবা নিৰ্ভৰযোগ্য তথ্য আছেনে?”
ন্যায়াধীশ দত্তই কয়, “আপুনি যদি প্ৰকৃত ভাৰতীয় হয় তেন্তে এই কথা নক’ব।”
উল্লেখ্য যে এই গোচৰত লক্ষ্ণৌৰ সাংসদ-বিধায়ক আদালতে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ৰাহুল গান্ধীৰ বিৰুদ্ধে চমন জাৰি কৰিছিল।
ইয়াৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল, যিটো উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল।২০২২ চনৰ ১৬ ডিচেম্বৰত হোৱা ‘ভাৰত জোড়ো যাত্ৰা’ৰ সময়ত ৰাহুল গান্ধীয়ে কৈছিল, “ভাৰত জোড়ো যাত্ৰাৰ বিষয়ে মানুহে প্ৰশ্ন কৰিব, কিন্তু চীনে অৰুণাচল প্ৰদেশত ২০ জন ভাৰতীয় সৈনিকক হত্যা কৰি ভাৰতৰ দুহাজাৰ বৰ্গ কিলোমিটাৰ ভূমি দখল কৰাৰ বিষয়ে এটাও প্ৰশ্ন নকৰে। ভাৰতীয় সংবাদ মাধ্যমে এই বিষয়ে এটাও প্ৰশ্ন নকৰে।”