NORTHEAST NOW (Assamese)

মুঠ কিমান লোকৰ মৃত্যু হ’ল আহমেদাবাদৰ বিমান দুৰ্ঘটনাত? পৰিসংখ্যা প্ৰকাশ কৰিলে গুজৰাট চৰকাৰে

June 25, 2025 12:28 pm · নৰ্থ-ইষ্ট নাও, গুৱাহাটী

যোৱা ১২ জুনত আহমেদাবাদত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়া বয়িং ড্ৰিমলাইনাৰৰ দুৰ্ঘটনাত ২৭৫ জন লোকৰ মৃত্যু হয়। ইয়াৰে ১২ গৰাকী ক্ৰু মেম্বাৰ, ২২৯ গৰাকী যাত্ৰী আৰু বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা অঞ্চলৰ ৩৪ জন লোকৰ মৃত্যু হয়। এই তথ্য মঙলবাৰে আনুষ্ঠানিকভাৱে প্ৰদান কৰে গুজৰাটৰ স্বাস্থ্য মন্ত্ৰালয়ে।

এখন হোষ্টেলৰ চাদত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছতে হোষ্টেলত বাস কৰা বহু ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে। বিমানখনৰ বিস্ফোৰণৰ ফলত জ্বলি যোৱা মৃতদেহৰ সঠিক সংখ্যা জানিব পৰা হোৱা নাই। ইয়াৰ মাজতে মৃতদেহ চিনাক্তকৰণৰ বাবে ডি এন এ পৰীক্ষা কৰাৰ সিদ্ধান্ত লোৱা হয়।

স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, মুঠ ২৭৫ জন লোকৰ মৃত্যু হৈছে। অৱশ্যে এতিয়াও কেইবাটাও মৃতদেহ চিনাক্তকৰণৰ বাবে ডি এন এ পৰীক্ষা চলি আছে।

মন কৰিবলগীয়া যে যোৱা ১২ জুনত মেঘানগৰৰ বিজে মেডিকেল কলেজৰ কেণ্টিনত দুৰ্ঘটনাগ্ৰস্ত হৈছিল এআই ১৭১ বিমানখন। নিহতসকলৰ ভিতৰত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও আছে। জাহাজত থকা মাত্ৰ এজন লোকহে ৰক্ষা পৰে।

উল্লেখ্য যে ২০১১ চনত চলাচল আৰম্ভ কৰাৰ পিছৰে পৰা এই বিমানখন কোনো দুৰ্ঘটনা সংঘটিত হোৱা নাই। এনে এক কৰুণ ঘটনা কেনেকৈ সংঘটিত হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। বিমানখনৰ দুটা ব্লেক বক্স উদ্ধাৰ কৰা হৈছে। দুয়োটা পৰীক্ষা কৰা হৈছে। শীঘ্ৰে দুৰ্ঘটনাৰ কাৰণ জানিব পৰা যাব বুলি অনুমান কৰা হৈছে। ইয়াৰ মাজতে গুজৰাট চৰকাৰে বিমান দুৰ্ঘটনাত ২৭৫ জন লোকৰ খবৰ নিশ্চিত কৰিছে।

Related News