সপ্তাহত কেইবাৰ শাৰীৰিক মিলন কৰিলে অধিক ৰমণীয় হ’ব প্ৰেমৰ সম্পৰ্ক? আমেৰিকাৰ বিশেষজ্ঞই আনিছে নতুন তথ্য

সকলো প্ৰেমৰ সম্পৰ্কতে যৌনতা এক গুৰুত্বপূৰ্ণ উপাদান। সংসাৰত মানসিক আৰু শাৰীৰিক তৃপ্তিৰ বাবে যৌনতা অপৰিহাৰ্য। ই এক জৈৱিক প্ৰয়োজন। প্ৰেমৰ সম্পৰ্কত যৌনতাৰ গুৰুত্ব অতি প্ৰয়োজন।

বিশেষজ্ঞৰ মতে, বহু দম্পতীয়ে প্ৰশ্ন কৰে যে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ কিমান যৌন সম্পৰ্কৰ প্ৰয়োজন? বিশেষজ্ঞসকলে কয়, এই ক্ষেত্ৰত তেনে কোনো মাপকাঠী বা নিয়ম নাই। বহু কথা নিৰ্ভৰ কৰে দম্পতীহালৰ মাজৰ ৰসায়নৰ ওপৰত।

শেহতীয়াকৈ আমেৰিকাৰ এখন বিশ্ববিদ্যালয়ে এই বিষয়ত এক অধ্যয়ন চলাইছে। এই অধ্যয়নত দম্পতী সকলক দুটা গোটত ভাগ কৰা হৈছিল। যিসকলে সপ্তাহত এবাৰ হ’লেও যৌন সম্পৰ্ক স্থাপন কৰে। আন এটা গোটত আছিল দুসপ্তাহত এবাৰ যৌন সম্পৰ্কত লিপ্ত হোৱাসকল।

এই অধ্যয়নৰ তথ্য অনুসৰি প্ৰথমটো গোটে কৈছে যে যৌন সম্পৰ্কই মানসিক চাপৰ পৰা উপশম দিয়ে আৰু সংগীৰ সৈতে সম্পৰ্ক শক্তিশালী কৰে। আনহাতে দ্বিতীয় গোটৰ দম্পতীয়ে অনুভৱ কৰে যে তেওঁলোকে যৌন সম্পৰ্কত বৰ বেছি আনন্দ নাপায়।

প্ৰায় ৩৫০০ দম্পতীৰ মাজত এই সমীক্ষা চলিছিল। বিশেষজ্ঞসকলে কয় যে প্ৰেমক শক্তিশালী কৰাৰ লগতে আৱেগিকভাৱে সুখী কৰি ৰাখিবলৈ শাৰীৰিক সংগম অতি প্ৰয়োজনীয়। গতিকে সুখী যৌন জীৱনৰ বাবে সপ্তাহত কমেও এবাৰকৈ শাৰীৰিক সম্পৰ্ক গঢ়ি তোলাতো অতি প্ৰয়োজন।