গীতৰ পৰা আৰম্ভ কৰি ব্যক্তিত্বৰ বাবেও সমগ্ৰ দেশতেই জনপ্ৰিয় অৰিজিত সিং। তেওঁৰ গীতবোৰে যেনেকৈ মনোমোহা তেনেকৈ তেখেতৰ আচাৰ-আচৰণো মনোমোহা। ইমান বিখ্যাত সংগীতজ্ঞ হোৱাৰ পিছতো তেওঁৰ জীৱন শৈলী তেনেই সাধাৰণ।
কিন্তু অৰিজিৎ সিঙে গান গাই যিমান টকা উপাৰ্জন কৰে, ইচ্ছা কৰিলে সেই টকাৰে তেওঁ ৰাজকীয় জীৱন কটাব পাৰে।
অৰিজিৎ সিঙে এটা গীত গাবলৈ কিমান টকা লয় জানেনে? শেহতীয়াকৈ বাবুল সুপ্ৰিয়ই ফাদিল কৰিছে এই তথ্য।
দৰাচলতে মুম্বাইৰ এটা অডিঅ’ কোম্পানীয়ে ৬টা ৰবীন্দ্ৰ সংগীত হিন্দীলৈ অনুবাদ কৰাৰ উদ্যোগ লৈছে। বলীউডৰ বিখ্যাত গীতিকাৰ অমিতাভ ভট্টাচাৰ্যই এই গীতসমূহ হিন্দীলৈ অনুবাদ কৰিছে। শ্ৰেয়া ঘোষল, ছান, মধুমন্তী বাগচি, বাবুল সুপ্ৰিয়ই এই গীত কেইটাত কন্ঠদান কৰিব।
ইয়াৰ লগতে এই এলবামটোত অৰিজিৎ সিঙেও দুটা গান গোৱাৰ কথা আছিল। ইয়াৰে এটা গীত অকলে আৰু এটা গীত দ্বৈত কন্ঠত গোৱাৰ কথা আছিল। কিন্তু অৰিজিৎ সিঙৰ মাননিৰ বিষয়ে জানি চকু কপালত উঠিল বাবুল সুপ্ৰিয়ৰ।
এই গীত দুটা গাবৰ বাবে অৰিজিৎ সিঙৰ মেনেজাৰৰ লগত যোগাযোগ কৰিছিল বাবুল সুপ্ৰিয়ই। কিন্তু মেনেজাৰৰ কথা শুনি আচৰিত হৈ পৰিল বাবুল সুপ্ৰিয়।
বাবুল সুপ্ৰয়ই জনোৱা মতে অৰিজিৎ সিঙৰ মেনেজাৰে প্ৰতিটো গীতৰ বাবে ১.৫ কোটি টকা বিচাৰিছিল।
বাবুল সুপ্ৰিয়ই জনোৱা মতে, এই এলবামটো কোনো ব্যৱসায়িক উদ্দেশ্যেৰে কৰা হোৱা নাছিল। ৰবীন্দ্ৰনাথ ঠাকুৰৰ গীৰ সমূহৰ প্ৰচাৰ আৰু প্ৰসাৰেই আছিল ইয়াৰ মূল উদ্দেশ্য। এলবামটোত কাম কৰা আন শিল্পী সকলেও অতি কম মাননি লৈ কাম কৰিছে।
বাবুল সুপ্ৰিয়ই সংবাদ মাধ্যমক কয়, “আমি জানো যে অৰিজিৎ সিঙে অতি সহজ-সৰল জীৱন যাপন কৰে। কিন্তু স্কুটিৰে জাংগীপুৰত ঘূৰি ফুৰা অৰিজিতে ৰবীন্দ্ৰ সংগীত গোৱাৰ বাবে কিয় ইমান পাৰিশ্ৰমিক বিচাৰিছে সেয়া বুজিব পৰা নাই।”অৱশ্যে বাবুল সুপ্ৰিয়ৰ এই অভিযোগ সম্পৰ্কে বিভিন্ন মহলত চৰ্চা চলিছে যদিও অৰিজিৎ সিঙ বাব অৰিজিৎ সিঙৰ মেনেজাৰে এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।