আজিকালি জীৱনশৈলীৰ পৰিৱৰ্তন, প্ৰদূষণ, ভেজাল খাদ্য, মানসিক দুচিন্তা, শাৰীৰিক পৰিশ্ৰমৰ অভাৱ আদি অনেক কাৰণত মানুহৰ আয়ুস কমি আহিছে। আজিকালি কম বয়সতেই মানুহ বিভিন্ন জটিল ৰোগ যেনে যকৃৎ ৰোগ, বৃক্ক ৰোগ, উচ্চ ৰক্তচাপ, হৃদৰোগ, মধুমেহ, কলেষ্টৰেল, ইউৰিক এচিড আদিৰ সমস্যাত ভোগা দেখা গৈছে। শেহতীয়া পৰিসংখ্যা অনুসৰি কম বয়সতে ষ্ট্ৰোক, হাৰ্ট এটেক আদিত হঠাতে মৃত্যু হোৱা লোকৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পোৱা দেখা গৈছে।
সেয়েহে দীৰ্ঘায়ু আৰু নিৰুগী হৈ থকাৰ বাবে কেতবোৰ সাৱধানতা অৱলম্বন কৰাৰ লগতে কিছু স্বাস্থ্যকৰ নীতি-নিময় পালন কৰাতো জৰুৰী হৈ পৰিছে।
১. স্বাস্থ্যকৰ খাদ্য গ্ৰহণ : পুষ্টিকৰ আহাৰ যেনে শাক-পাচলি, ফল-মূল, গোটা শস্য আৰু প্ৰ’টিন খাদ্যত অন্তৰ্ভুক্ত কৰক। তেল-মছলাযুক্ত আৰু প্ৰক্ৰিয়াজাত খাদ্যৰ পৰা আঁতৰি থাকক।
২. নিয়মীয়া ব্যায়াম : দৈনিক কমেও ৩০ মিনিট শাৰীৰিক কাৰ্যকলাপ, যেনে খোজ কঢ়া, যোগাসন বা অন্যান্য ব্যায়াম কৰিলে শৰীৰ সুস্থ থাকে।
৩. পৰ্যাপ্ত টোপনি : প্ৰতিদিন ৭-৮ ঘণ্টা ভাল টোপনি ল‘লে শৰীৰ আৰু মন দুয়োটা সতেজ হৈ থাকে।
৪. মানসিক চাপ নিয়ন্ত্ৰণ : ধ্যান, গভীৰ উশাহ-নিশাহ লোৱা বা প্ৰকৃতিৰ সান্নিধ্যত থাকি মানসিক চাপ কমাব লাগে।
৫. ধূমপান আৰু মদ্যপানৰ পৰা বিৰত থকা : এই অভ্যাসবোৰ এৰিলে জীৱনৰ মান আৰু আয়ুস বৃদ্ধি পায়।
৬. নিয়মিত স্বাস্থ্য পৰীক্ষা : স্বাস্থ্যৰ সমস্যা সোনকালে ধৰা পৰিলে সময়মতে চিকিৎসা কৰি দীৰ্ঘ জীৱন লাভ কৰিব পাৰি। গতিকে, নিয়মিত স্বাস্থ্য পৰীক্ষা কৰি থকা উচিত।
৭. সামাজিক সম্পৰ্ক : পৰিয়াল আৰু বন্ধু-বান্ধৱৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে মানসিক সুখৰ লগতে জীৱনৰ আয়ুস বৃদ্ধি পায়।
এই সৰল পদক্ষেপবোৰ জীৱনত গ্ৰহণ কৰিলে আপুনি দীৰ্ঘ আৰু সুস্থ জীৱন উপভোগ কৰিব পাৰে।