আজিকালি প্ৰায় সকল লোকেই এটা বয়সত উচ্চ ৰক্তচাপজনিত সমস্যাত ভোগে। মূলত খাদ্যাভাস আৰু জীৱনশৈলীয়েই হৈছে এই ৰোগৰ মূল কাৰণ। শেহতীয়াকৈ সমগ্ৰ বিশ্বৰ লগতে অসমতো উচ্চ ৰক্তচাপত ভুগি মৃত্যু হোৱা লোকৰ সংখ্যা কেইবা গুণলৈ বৃদ্ধি পাইছে। সেয়ে আজি আপোনালোকৰ বাবে লৈ আনিছোঁ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব পৰা কেইটামান সহজ উপায় –
১. হাইপাৰটেনচন বন্ধ কৰিবলৈ ডায়েটাৰী এপ্ৰ’চ (DASH) ডায়েট অনুসৰণ কৰক। য’ত ফল-মূল, শাক-পাচলি, শস্য, চৰ্বিহীন প্ৰটিন, আৰু কম চৰ্বিযুক্ত দুগ্ধজাত সামগ্ৰীৰ ওপৰত গুৰুত্ব দিয়া হয়।
২. ছডিয়ামৰ পৰিমাণ সীমিত কৰক। নিমখ কমাই খাওঁক। দৈনিক ১৫০০ মিলি গ্ৰামতকৈ অধিক ছডিয়াম নাখাব।
৩. পটাছিয়াম সমৃদ্ধ খাদ্য, যেনে কল, কমলা, কচু, আৰু আলু আদিয়ে ছডিয়াম ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে।
৪. অতিৰিক্ত ওজন বা চৰ্বী হ্ৰাস কৰক। চৰ্বিযুক্ত বা অত্যধিক শকত লোক সহজে উচ্চ ৰক্তচাপৰ স্বীকাৰ হয়।
৫. প্ৰতি সপ্তাহত অন্ততঃ ১৫০ মিনিট মধ্যমীয়া ব্যায়াম কৰক। (যেনে খোজ কঢ়া, চাইকেল চলোৱা, বা সাঁতোৰা)।
৬. মদ্যপান সীমিত কৰক আৰু ধূমপান বন্ধ কৰক। ধূমপান এৰিলে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত হয় আৰু সময়ৰ লগে লগে ৰক্তচাপ কমোৱাত সহায় কৰে।
৭. মানসিক চাপ নিয়ন্ত্ৰণৰ বাবে যোগাসন, ধ্যান, গভীৰ উশাহ লোৱা আদি কাৰ্যকলাপ কৰক।
৮. ঘৰতে বা স্বাস্থ্যসেৱা পেচাদাৰীৰ লগত নিয়মিতভাৱে ৰক্তচাপ পৰীক্ষা কৰক।
৯. আপুনি যদি ইতিমধ্যে উচ্চ ৰক্তচাপত আক্ৰান্ত হৈছে তেন্তে চিকিৎসকৰ পৰামৰ্শ অনুসৰি নিয়মীয়াকৈ ঔষধ গ্ৰহণ কৰক।
১০. ডায়েবেটিছ, উচ্চ কলেষ্টেৰলৰ পৰা নিজকে বচাই চলক।
১১. জাংক ফুড বা প্ৰচেছড ফুড খাবলৈ এৰক।১২. প্ৰতি নিশা ৭–৯ ঘণ্টা ভাল মানৰ টোপনিৰ প্ৰতি লক্ষ্য ৰাখক।