মনৰ অস্থিৰতা, সৰু সৰু কথাতে খং, বা খন্তেকতে আনন্দিত হোৱা, এই সকলোবোৰৰ মূলতে হৈছে হৰম’নৰ ভাৰসাম্যহীনতা। চিকিৎসকসকলৰ মতে যদি এই ভাৰসাম্যতা নষ্ট তেন্তে থাইৰয়ড, ডায়েবেটিছ, পিচিঅ’এছৰ দৰে হৰম’নজনিত ৰোগৰ প্ৰকোপ বাঢ়িব পাৰে।
শৰীৰৰ বিভিন্ন কাৰ্যত এই জৈৱ ৰাসায়নিক পদাৰ্থৰ গুৰুত্ব অপৰিসীম। কি দৰে যোগাসনৰ জৰিয়তে হৰম’নৰ ভাৰসাম্যহীনতা ৰোধ কৰিব পাৰি? যোগ প্ৰশিক্ষকসকলে কি কয় জানো আহক।
যোগ প্ৰশিক্ষকসকলৰ মতে অনিয়ন্ত্ৰিত জীৱনযাপন, অস্বাস্থ্যকৰ খাদ্যাভ্যাস আৰু শাৰীৰিক ব্যায়ামৰ অভাৱত হৰম’নৰ উৎপাদন আৰু ক্ষৰণৰ চক্ৰ অসন্তুলিত হৈ পৰে। অৱশ্যে বৃশ্চিকাসন নামৰ এক যোগাসনে এই সমস্যাৰ পৰা মুক্তি দিব পাৰে।
সংস্কৃতত ‘বৃশ্চিক’ অৰ্থ বিছে, ইংৰাজীত ই ‘স্কৰপিয়ন প’জ’। এই আসনৰ ভংগীত শৰীৰ বিছাৰ দৰে বেঁকা হয়, যিটো সহজ নহয়। প্ৰশিক্ষকৰ তত্ত্বাৱধানত এই অভ্যাস কৰাটোৱেই উত্তম বুলি উল্লেখ কৰে। বৃশ্চিকাসনে পেট, ডিঙি, কান্ধৰ পেশী মজবুত কৰে, ৰক্ত সঞ্চালন উন্নত কৰে আৰু উদ্বেগ-অৱসাদৰ পৰা মুক্তি দিয়ে।
উল্লেখ্য যে কঁকালৰ অস্ত্ৰোপচাৰ, মূৰ ঘূৰোৱা, বা হাতৰ পেশী দুৰ্বল হ’লে এই আসন কৰিব নালাগে। নিয়মীয়া অভ্যাসৰ পিছতহে ইয়াক কৰা উচিত। প্ৰশিক্ষকৰ তত্ত্বাৱধানত এই অভ্যাস কৰিবলৈ পৰামৰ্শ দিছে।