NORTHEAST NOW (Assamese)

মেছেঞ্জাৰ লক কৰি ৰখাৰ ফিচাৰ উলিয়াইছে ফেচবুকে

July 27, 2020 3:22 pm · এন ই নাও নিউজ

ফেচবুকে মেছেঞ্জাৰত ব্যক্তিগত গোপনীয়তা সুৰক্ষা ৰখাৰ বাবে এপ লক ফিচাৰ উলিয়াইছে।

এপ লক ফিচাৰ আৰম্ভ লে আপোনাৰ মেছেঞ্জাৰ এপত আন কোনোৱে প্ৰৱেশ কৰিব নোৱাৰিব।

ইয়াত ফিংগাৰ টাচ্ আৰু ফেচ আইডেন্টিফিকেশ্যন সুৰক্ষা ব্যৱস্থা সংলগ্ন কৰা হৈছে।

ফেচবুকৰ পৰা জানিব দিয়া মতে, আইফোন য়ুজাৰসকলৰ ডিভাইচলৈ এইটো ইতিমধ্যে প্ৰেৰণ কৰা হৈছে।

আনহাতে, এণ্ড্ৰইড য়ুজাৰৰ ফোনত  এইটো আপডেট যোৱাৰ বাবে কেইমাহমান সময় লাগিব।

ফেচবুকে মেচেজ তথা কলৰ ক্ষেত্ৰত আন কিছুমান পৰিৱৰ্তন অনাৰ প্ৰয়াস কৰিছে।

কোনোৱে যাতে চিধাচিধি আপোনাক কল কৰিব নোৱাৰে তাৰো বিকল্প ৰখা হৈছে।

সেইদৰে ফ্ৰেইণ্ড লিষ্ট নথকা ব্যক্তিসকলে যি ছবি পঠায় ফেচবুকে তাৰ প্ৰতিৰোধৰো ব্যৱস্থা কৰিব।

যদি কিবা অনাকাঙ্খিত ছবি আহে তাক অদৃশ্য কৰি ৰখা ব।

অৱশ্যে, এই ফিচাৰসমূহ ঠিক কেতিয়ালৈ উপলব্ধ সেয়া ফেচবুকে স্পষ্ট কৰা নাই।

Related News