স্বামীক কেনেকৈ হত্যা কৰিব লাগে সেই বিষয়ে তেওঁ এখন উপন্যাস লিখিছিল। উপন্যাসখনৰ নাম দিছিল “হাউ টু মাৰ্ডাৰ ইয়ৰ হাৰ্জবেণ্ড”। আমেৰিকা যুক্তৰাষ্ট্ৰৰ লেখিকা নেন্সি ক্ৰেমন্টন ব্ৰফি পূৰ্বেই তেওঁৰ স্বামীক গুলীয়াই হত্যা কৰাৰ অপৰাধত দোষী সাব্যস্ত হৈছিল।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন আদালতে তেওঁক এইবাৰ যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰিছে। যোৱা মাহত ৭১ বছৰীয়া এই মহিলা গৰাকীক তেওঁৰ স্বামীক হত্যা কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰা হৈছিল।
লগতে পঢ়ক: দুই কোটিৰ স্বপ্নৰ সলিল সমাধি! এইবাৰ ১.৫ বছৰত ১০ লাখ নিযুক্তিৰ সিদ্ধান্ত মোদী চৰকাৰৰ
বিগত ২০১৮ চনৰ ২ জুনত অৰেগন কালিনেৰী ইনষ্টিটিউটৰ পাকঘৰৰ পৰা ব্ৰফিৰ স্বামী ডেনিয়েলৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। ডেনিয়েলৰ পিঠিলৈ লক্ষ্য কৰি গুলী কৰা হৈছিল। সেই গুলী তেওঁৰ হৃদযন্ত্ৰ ভেদ কৰি ওলাই যায়।
তদন্তকাৰী বিষয়াসকলে জনাইছে যে নেন্সিয়ে অনলাইন দোকানৰ পৰা বন্দুকটো ক্ৰয় কৰিছিল। তেওঁ হত্যাৰ বাবে সেইটোৱে ব্যৱহাৰ কৰিছিল।
অৱশ্যে তদন্তকাৰী বিষয়াসকলে জানিবলৈ দিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে নেন্সিয়ে তেওঁৰ স্বামীক হত্যা কৰাৰ দৰে একে ঘটনা তেওঁৰ উপন্যাসতো পোৱা গৈছে।
লগতে পঢ়ক: জলমগ্ন গুৱাহাটী: কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ জৰুৰী নিৰ্দেশনা; হেল্পলাইন নম্বৰ মুকলি
নেন্সিয়ে ‘হাউ টু মাৰ্ডাৰ ইয়ৰ হাজবেণ্ড’ৰ আগতেও দুখন গ্ৰন্থ লিখিছে। সেই দুখন হ’ল ‘দ্য ৰং হাজবেণ্ড’ আৰু ‘হেল অন এ হাৰ্ট’। নেন্সিৰ সকলোবোৰ উপন্যাসতে হত্যা, অপৰাধ, বিশ্বাসঘাতকতা আৰু যৌনতাই মূল বিষয় হিচাপে স্থান পাইছে।