শিক্ষাখণ্ডক আগুৱাই নিবলৈ মানৱ সম্পদ উন্নয়ন মন্ত্ৰীক আহ্বান অৰুণাচলৰ ৰাজ্যপালৰ

Honchun-Ngandam

আজি অৰুণাচলৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰী হনচুম ননদামে (Honchun Ngandam) ৰাজ্যপাল (অৱসৰপ্ৰাপ্ত) ব্ৰিগেডিয়াৰ ড০ বিডি মিশ্ৰক ৰাজভৱনত সাক্ষাৎ কৰে। তেওঁ ৰাজ্যপালগৰাকীৰ সৈতে ৰাজ্যখনৰ শিক্ষাখণ্ডৰ উন্নয়ন সাধন কৰাৰ বিষয়ত আলোচনা কৰে।

ৰাজ্যপালগৰাকীয়ে প্ৰাথমিক বিদ্যালয়ৰ পৰা ৰাজ্যখনৰ শিক্ষা প্ৰতিষ্ঠানসমূহৰ আন্তৰ্গাঁথনিসমূহৰ প্ৰয়োজনসমূহ পূৰণ কৰাত মনোযোগ দিবলৈ উপদেশ দিয়ে।মধ্যাহ্ন ভোজনৰ ব্যৱস্থাটো দক্ষ কৰি তুলিবলৈও তেওঁ পৰামৰ্শ প্ৰদান কৰে।

মানৱ সম্পদ উন্নয়ন মন্ত্ৰীগৰাকীৰ সৈতে অনুষ্ঠিত আলোচনাত ৰাজ্যপালগৰাকীয়ে ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় আৰু এনআইটিৰ দৰে ৰাজ্যখনৰ আগশাৰীৰ প্ৰতিষ্ঠানত মুৰব্বীক মকৰল নকৰাক লৈ গভীৰ উৎকণ্ঠা ব্যক্ত কৰে।

ৰাজ্যপালগৰাকীয়ে আৰু কৈছে যে ৰাজ্যখনৰ শিক্ষাখণ্ডটোক মজবুত কৰাৰ বাবে তেওঁ অখন ‘ষ্টাডি কমিটী’ গঠন কৰিছে আৰু এই কমিটীখনে অতি শীঘ্ৰেই তেওঁলোকৰ প্ৰতিৱেদন জমা দিব বুলি জনাইছে।

ছাত্ৰ-ছাত্ৰীসকলে যাতে দেশৰ অন্যন্য প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীৰ সতে ফেৰ মাৰিব পাৰে তাৰ বাবে যথোচিত শিক্ষা প্ৰদান কৰিবলৈ ৰাজপালগৰাকীয়ে মানৱ সম্পদ উন্নয়ন মন্ত্ৰীগৰাকীক পৰামৰ্শ প্ৰদান কৰে।