২৫জুনত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল

AHSEC-1-750x375

প্ৰতিনিধিত্বমূলক ফটো

অহা ২৫ জুনত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল।

উক্ত দিনা ৰাতিপুৱা ৯ বজাত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব।

ফলাফল ঘোষণাৰ পাছত পৰীক্ষাৰ্থীসকলে সংশ্লিষ্ট বিদ্যালয় তথা মহাবিদ্যালয়সমূহৰ পৰা ফলাফলৰ লগতে মাৰ্কশ্বীট আৰু চাৰ্টিফিকেট সংগ্ৰহ কৰিব পাৰিব।

পৰীক্ষাৰ্থীসকলে ৱেবছাইটযোগেও পৰীক্ষাৰ ফলাফল লাভ কৰিব।

মুঠ ১৬টা ৱেবছাইটযোগে প্ৰকাশ কৰা হ’ব পৰীক্ষাৰ ফলাফল।

চলিত বৰ্ষত মুঠ ২,৩৬,৮০৯ গৰাকী শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছে।

ইয়াৰ ভিতৰত কলা শাখাত ১,৭৫,১৭৫গৰাকী, বিজ্ঞান শাখাত ৪০,৫৮৮গৰাকী, বাণিজ্য শাখাত ১৮,১৭৮ গৰাকী আৰু বৃত্তিমূলক শাখাত ৮৬৮গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে।

ৰাজ্যখনৰ মুঠতে ৭৭২টা পৰীক্ষা কেন্দ্ৰত এইবাৰ পৰীক্ষা অনুষ্ঠিত হৈছিল।

পৰীক্ষাৰ্থীসকলে তলত দিয়া ৱেবছাইটসমূহ ফলাফল চাব পাৰিব।

www.hsinfo.in

www.ahsec.nic.in

www.knowyourresult.com

www.ExamResults.net

www.results.shiksha

www.exametc.com

www.schools.com

www.jagranjosh.com

www.resultsamarujala.com

www.assamresult.in

www.results.net

www.EduAssam.com

www.assam.shiksha

www.assamjobalerts.com

www.timesofindia.com

www.assamonline.in

www.school.gradeup.co