৩ নং স্বায়ত্তশাসিত জিলা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীলৈ নিঃচৰ্ত সমৰ্থন আগ বঢ়োৱাৰ কথা ঘোষণা কৰিলে হিলছ ষ্টেইট ডিমাণ্ড কাউন্সিল বা চমুকৈ এইচ্ছ এছ ডি চি আৰু চি পি আই (এম এল) লিবাৰেইশ্যনে।
আজি ডিফুস্থিত জিলা প্ৰেছক্লাবত অনুষ্ঠিত এখন যুটীয়া সংবাদমেলত চি পি আই (এম এল) লিবাৰেইশ্যনৰ হিলছ পাৰ্টি কমিটীয়ে সিদ্ধান্তটো ঘোষণা কৰি কয়, “বিজেপি কেন্দ্ৰ, ৰাজ্য আৰু কাৰ্বি আংলং আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদত ক্ষমতাত আছে। কিন্তু সৰ্বসাধাৰণৰ ওপৰত দমনমূলক নীতিহে দেখা গৈছে।”
হিলছ পাৰ্টি কমিটীৰ সম্পাদক ৰবি কুমাৰ ফাংচ’ই বিজেপিক কেৱল পুঁজিবাদীৰ লাভ দিয়াৰ আঁচনি লোৱা দল আখ্যা দিয়ে। সম্পাদকজনৰ মতে, বিজেপি সৰ্বসাধাৰণক টেঁটু চেপা দিয়া দল।
বিজেপিৰ চৰকাৰে দলিত, আদিৱাসী আৰু পাৰ্বত্য জনজাতিবোৰৰ মাটি কাঢ়ি লোৱা বুলিও অভিযোগ আনে ফাংচ’ৱে।
বিমুদ্ৰাকৰণে সাধাৰণ খাটিখোৱা মানুহ আৰু ক্ষুদ্ৰ ব্যৱসায়ীক কৰা ক্ষতিৰ কথা উল্লেখ কৰি ফাংচ’ৱে লগতে কয়, “বিজেপি ক্ষমতালৈ আহিলে নাগৰিকত্ব সংশোধনী বিধেয়ক পুনৰ আনিব”।
“আৰ এছ এছ, বিজেপিয়ে ভাৰতক হিন্দু ৰাষ্ট্ৰ বনাব খুজিছে”, ৰাম মন্দিৰ, ৩৭০ অনুচ্ছেদৰ বাতিলৰ গেৰুৱা দলটোৰ ইস্তাহাৰত প্ৰকাশিত আঁচনিৰ উল্লেখেৰে সম্পাদকজনৰ গুৰুতৰ অভিযোগ।
আনহাতে কংগ্ৰেছৰ প্ৰাৰ্থীজনক সমৰ্থন কৰাৰ কিবা পূৰ্বচৰ্ত আছে নেকি বুলি সোধা এটা প্ৰশ্নৰ উত্তৰ দি ফাংচ’ই কয়, ‘”আমি নকওঁ যে কংগ্ৰেছ ভাল, কিন্তু কংগ্ৰেছ বিজেপিৰ সমান জনজাতি-বিৰোধী নহয়। বিজেপি শাসনলৈ আহিলে CAB আনিব আৰু Uniform Civil Code প্ৰৱৰ্তন কৰিব, যিটো জনজাতিসকলৰ বিৰুদ্ধে। কংগ্ৰেছৰ প্ৰতি সমৰ্থনৰ বাবে আমাৰ কোনো চৰ্ত নাই।”
এইচ্ছ এছ ডি চিৰ সাধাৰণ সম্পাদক লেইচান ইংলেঙে তেওঁলোকৰ আৰু চি পি আই (এম এল) লিবাৰেইশ্যনৰ মিলাই সমষ্টিটোত প্ৰায় ৫০ হাজাৰ ভোট আছে বুলি জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে সমষ্টিটোত কংগ্ৰেছে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা বৰ্তমানৰ সাংসদ বীৰেন সিং ইংতিক প্ৰাৰ্থিত্ব দিছে।