১১ মে’ৰ পৰা মেট্ৰিক পৰীক্ষা; কেতিয়া কি পৰীক্ষা আছে জানিবলৈ পঢ়ক

SEBA-HSLC-Matric-students

অহা ১১ মে’ৰ পৰা অনুষ্ঠিত হ’ব ২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা। ইতিমধ্যে, অসম মাধ্যমিক শিক্ষা বৰ্ডে প্ৰকাশ কৰি উলিয়াইছে পৰীক্ষাৰ সময় সূচী।

অহা ১ জুনলৈকে চলিব এই পৰীক্ষা।

প্ৰতিবছৰৰ তুলনাত ব্যতিক্ৰম এইবৰ্ষত ক’ৰ’নাৰ পৰিস্থিতিৰ বাবে মে’ মাহৰ পৰাহে আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা।

সূচী অনুসৰি ১১ মে’ৰ আগবেলা ইংৰাজী পৰীক্ষা।

১৩ মে’ৰ আগবেলা অসমীয়া (E), ১৭ মে’ত সাধাৰণ গণিত, ১৯ মে’ত মণিপুৰী(E), বড়ো (E), চানথালী(ই), ২১ মে’ত MIL/Alt. English, ২৫ মে’ত সাধাৰণ বিজ্ঞান, ২৯ মে’ত সমাজ বিজ্ঞান, ৩১ মে’ত হিম্দী(ই), আৰৱিক সাহিত্য, ১ জুনত সংস্কৃত, আৰৱিক(ই), পাৰ্চিয়ান, উচ্চ গণিত(ই), বুৰঞ্জী(ই), ভুগোল(ই), হোম চায়েন্স(ই), নেপালী(ই), কম্পিউটাৰ বিজ্ঞান(ই), বেংগলী(ই)।

৪ মাৰ্চ আৰু ৫ মাৰ্চত ব্যৱহাৰিক পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব।

ইয়াৰ লগতে পাঠ্যক্ৰম ৩০ শতাংশ হ্ৰাস কৰা হৈছিল। এইবাৰৰ ২০২১ বৰ্ষৰ পৰীক্ষাৰ্থী সকলে ৭০ শতাংশ পাঠ্যক্ৰমৰেই পৰীক্ষাত বহিব।