এইবাৰ আগতীয়াকৈ অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা

Assam-Higher-Secondary-Education-Council

আগন্তুক উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা আগতীয়াকৈ অনুষ্ঠিত হ’ব। সোমবাৰে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই শিক্ষা বিভাগে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ সূচী আগবঢ়াই অনাৰ কথা নিশ্চিত কৰে। তদুপৰি, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কৰ্তৃপক্ষয়ো পৰীক্ষা আগতীয়াকৈ অনুষ্ঠিত কৰাৰ কথা নিশ্চিত কৰিছে।

নৱবৰ্ষৰ ফেব্ৰুৱাৰি মাহৰ প্ৰথম বা দ্বিতীয় সপ্তাহত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা আৰম্ভ হ’ব। আনহাতে সংসদৰ শীৰ্ষতম কৰ্তৃপক্ষই জানিব দিয়া মতে জানুৱাৰি মাহতে সকলো ব্যাৱহাৰিক পৰীক্ষা (প্ৰেক্‌টিকেল) সমাপ্ত হ’ব।

সৰ্বভাৰতীয় পৰীক্ষাত অসমৰ মেধাৱী শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰিবলৈ সুবিধা হোৱাকৈ আৰু লগতে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই পৰীক্ষা আগুৱাই অনাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব দিছে কৰ্তৃপক্ষই।

উল্লেখযোগ্য যে ২০১৭-১৮ বৰ্ষত ফেব্ৰুৱাৰি মাহৰ অন্তিম সপ্তাহত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা আৰম্ভ হৈ মাৰ্চ মাহত সমাপ্ত হৈছিল। এইবাৰ প্ৰায় পোন্ধৰ দিন আগতীয়াকৈ পৰীক্ষা আৰম্ভ হ’ব আৰু মাৰ্চ মাহৰ মাজভাগতে পৰীক্ষা সমাপ্ত হ’ব।

আনহাতে, এইবাৰ পৰীক্ষাৰ ফলো কিছু আগতীয়াকৈ ঘোষণা কৰা হ’ব। তদুপৰি, মাৰ্কশ্বীট প্ৰদান প্ৰক্ৰিয়াও খৰতকীয়া কৰা হ’ব বুলিও কৰ্তৃপক্ষই জানিবলৈ দিয়ে। পূৰ্বে ফল ঘোষণাত পলম হোৱাৰ বাবেই অসমৰ মেধাৱী শিক্ষাৰ্থীসকলে উচ্চ শিক্ষা গ্ৰহণৰ বাবে দেশৰ অগ্ৰণী শিক্ষানুষ্ঠান আৰু অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণ কৰাত অসুবিধাৰ সন্মুখীন হোৱাৰ অভিযোগ উঠিছিল।

উল্লেখযোগ্য যে নৱবৰ্ষৰ এপ্ৰিল মাহৰ ভিতৰত দেশৰ অন্য প্ৰান্তৰ লগতে অসমতো লোকসভা নিৰ্বাচন সম্পন্ন হ’ব। নিৰ্বাচনৰ সময়ত পৰীক্ষাৰ্থীসকলে সমস্যাৰ সন্মুখীন হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই পৰীক্ষা আগুৱাই অনা বুলি জানিব পৰা গৈছে।