পুনেত বৃহৎ পৰিমাণৰ দেশী-বিদেশী জাল টকা উদ্ধাৰ; সেনা বাহিনীৰ এগৰাকী জোৱান গ্ৰেপ্তাৰ

উদ্ধাৰ হোৱা জাল টকাখিনি; উৎস-ইণ্টাৰনেট

বুধবাৰে মহাৰাষ্ট্ৰৰ পুনেত সেনা চোৰাংচোৱাই অভিযান চলাই ৮৭ কোটি টকাৰ জাল ভাৰতীয় আৰু বিদেশী টকা জব্দ কৰে।

এই ঘটনাৰ লগত যোগসূত্ৰ থকাৰ অপৰাধত এগৰাকী সেনা বাহিনীৰ জোৱান আৰু পাঁচগৰাকী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে।

বুধবাৰে সেনা বাহিনীৰ চোৰাংচোৱাই গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত অভিযান চলাই পুনেৰ বিমান নগৰ অঞ্চলৰ এটা অট্টালিকাৰ পৰা টকাখিনি জব্দ কৰিবলৈ সক্ষম হয়।

অনুসন্ধানকাৰী বাহিনীয়ে জাল দেশী আৰু বিদেশী টকাৰ চক্ৰটোৱে এই টকাৰ বিনিময়ত প্ৰকৃত টকা আদায় লয় বুলি জানিব পৰা গৈছে।

সেনাৰ চোৰাংচোৱা বাহিনী আৰু মুম্বাই আৰক্ষীয়ে যুটীয়াভাৱে চলোৱা অভিযান কালত জব্দ হোৱা বৃহৎ পৰিমাণৰ জাল টকাখিনিৰ ভিতৰত অধিকাংশ ২০০০ আৰু ৫০০ টকীয়া নোট।

জাল টকাখিনিত ‘চিলড্ৰেন বেংক অফ ইণ্ডিয়া’ বুলি লিখা আছিল।

আনহাতে, উক্ত জাল টকাৰ চক্ৰটোৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা সেনা বাহিনীৰ জোৱান গৰাকী শ্বেইখ আলিম গুলাব খান বুলি চিনাক্ত কৰা হৈছে।

গ্ৰেপ্তাৰ হোৱা আন পাঁচ গৰাকী লোক হৈছে ক্ৰমে সুনীল চৰ্ডা, ৰিতেশ ৰত্নাকৰ, তুহুল আহমেদ খান, আব্দুল গনি খান আৰু আব্দুল ৰহমান।

বৰ্তমান মুম্বাই আৰক্ষীয়ে আটাইকেইগৰাকী অভিযুক্তক সোধা-পোচা অব্যাহত ৰাখিছে।