চিৰাঙত ফ্লায়িং স্কোৱাডৰ অভিযানত জব্দ ১৩ লাখ টকা

Flying Squad

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

ৰাজ্যত নিৰ্বাচনৰ সময়ত ইটোৰ পাছত সিটোকৈ বৃহৎ পৰিমানৰ ধন ফ্লায়িং স্কোৱাডৰ হাতত জব্দ হোৱাৰ সময়তে শুকুৰবাৰে নিশা পুনৰ ফ্লায়িং স্কোৱাডৰ হাতত চিৰাঙ জিলাত জব্দ হ’ল ১৩ লাখ টকা।

ৰাজ্যত তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ আচৰণ বিধি বলবৎ হৈ থকাৰ সময়তে শুকুৰবাৰে নিশা চিৰাং জিলা আৰক্ষী আৰু ফ্লায়িং স্কোৱাড বাহিনীয়ে অভিযান চলাই এখন মাৰুতি ভ্যানৰ পৰা টকাখিনি জব্দ কৰিবলৈ সক্ষম হয়। বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই ধনখিনি জব্দ কৰে।

ঘটনাৰ বিবৰণী অনুসৰি পশ্চিম বংগৰ মাল্ডাৰ উৎপল দেশী নামৰ এজন লোকে আন তিনিগৰাকী সংগীৰ সৈতে ভূটানৰ পৰা পশ্চিম বংগলৈ গৈ থকাৰ সময়তে ফ্লায়িং স্কোৱাডে জব্দ কৰে ধনখিনি। আৰক্ষীয়ে ধনৰ লগতে লোকজনকো  আটক কৰি সোধা পোছা কৰে।

আনহাতে, আৰক্ষীৰ প্ৰাথমিক তদন্তত লোকজনে ব্যৱসায় সংক্ৰান্তত টকাখিনি লৈ অসমলৈ আহিছিল বুলি উল্লেখ কৰে। প্ৰথম আৰু দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ সময়তো ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা বহু পৰিমানৰ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ফ্লায়িং স্কোৱাডৰ দলে।

কোকৰাঝাৰ সমষ্টিৰ অন্তৰ্গত চিৰাং জিলাত দ্বিতীয় পৰ্য্যায়ত অৰ্থাৎ ২৩ এপ্ৰিলত নিৰ্বাচন  অনুষ্ঠিত হ’ব।