বোকাখাতত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ

দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্ সন্ধ্যা বোকাখাতৰ যানবাহন আৰক্ষীয়ে চলোৱা এক বিশেষ অভিযানত বোকাখাত ২ নং ৱাৰ্ডৰ এজন বাসিন্দাৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ অবৈধভাৱে মজুত ৰখা বৃহৎ সংখ্যক বিলাতী সুৰাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ 

নিশা চলোৱা এক অভিযানৰ সময়ত বোকাখাত পৌৰসভাৰ ২ নং ৱাৰ্ডৰ জ্যোতি নগৰ এলেকাৰ কমল ছেত্ৰীৰ নামৰ ব্যক্তিজনৰ বাসগৃহত  মজুত ৰখা এই বৃহৎ পৰিমাণৰ বিলাতী সুৰা আৰক্ষীয়ে জব্দ কৰে ৷

আৰক্ষীয়ে অবৈধভাৱে  সুৰা মজুত কৰি ৰখাৰ অপৰাধত কমল ছেত্ৰীকো আটক কৰে। জব্দ কৰা  সুৰাখিনিৰ মূল্য প্ৰায় ৩০ হাজাৰ টকা হ’ব বুলি আৰক্ষীৰ সুত্ৰত প্ৰকাশ ৷ 

উল্লেখ যোগ্য যে, স্বাধীনতা দিৱসৰ পতাকা উত্তোলন স্থলীৰ নাতি দুৰৰৰ পথৰ দাঁতিতে থকা কমল ছেত্ৰীৰ বাসগৃহৰ পৰা বৃহৎ পৰিমানৰ বিলতী সুৰা জব্দ কৰা ঘটনাই বোকাখাত নগৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

সমীপতে স্বাধীনতা দিৱসৰ বাবে কটকতীয়া নিৰাপত্তা ব্যৱস্থা থকাৰ পিচতো কমল ছেত্ৰীয়ে নিজৰ বাসগৃহত এই বৃহৎ পৰিমানৰ বিলাতী সুৰা মজুত কৰা কাৰ্য্য মন কৰিব লগীয়া ৷

বোকাখাত আৰক্ষীৰ যানবাহন শাখাৰ মুৰব্বী গোবিন কাকতিৰ নেতৃত্বত যোৱা অভিযানকাৰী দলে কমল ছেত্ৰীৰ বাসগৃহৰ বিভিন্ন স্থানৰ পৰা এই বিলাতী সুৰা খিনি জব্দ কৰে ৷