• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অভি-নীলে পাবনে ন্যায়? সহায়ৰ বাবে আগুৱাই আহিল মানৱ অধিকাৰ কৰ্মী ড০ দিব্যজোতি শইকীয়া

ন্যায়ৰ অপেক্ষাত দুবছৰে বুকুত বেদনা লৈ দিন কটাইছে অভি-নীলৰ পিতৃ-মাতৃয়ে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 7, 2020 2:58 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ বিশ্ব জোকাৰি যোৱা অভিজিৎ নাথ আৰু নিলোৎপল দাসৰ হত্যাকাণ্ডই কাইলৈ দুটা বছৰত ভৰি দিব। বৰ্তমানো ন্যায় পোৱাৰ আশাৰে ৰৈ আছে অভি-নীলৰ দুৰ্ভগীয়া পিতৃ-মাতৃ।

পিতৃ-মাতৃৰ দুখৰ দিনত তেওঁলোকৰ কাষত এইবাৰ নিজে থিয় দিছে মানৱ অধিকাৰ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াই।

অভি-নীলৰ ন্যায়ৰ আশাৰে আদালতত চলাই নিয়া যুঁজখনত সহায় কৰিবৰ বাবে আগুৱাই আহিছে শইকীয়া।

‘অভি-নীলৰ গোচৰটোৰ ক্ষেত্ৰত বা আন গোচৰতো মোৰ পথেৰে যি ধৰণে সহায় কৰিব পাৰো সেইধৰণে কৰিবলৈ আগবাঢ়িছো আৰু কৰি যাম।‘ নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত এইদৰে কয় শইকীয়াই।

ইপিনে, অভি-নীলৰ সৈতে যি ঘটনা ঘটি গ’ল তাত মানৱ অধিকাৰ সম্পূৰ্ণৰূপে উলংঘন হৈছে বুলি দাবী কৰি শইকীয়াই কয়, ‘চৰকাৰ-প্ৰশাসনে জনসাধাৰণক জীয়াই থকাৰ অধিকাৰ তথা সুৰক্ষা প্ৰদান কৰিব পৰা নাই।‘

‘চৰকাৰ আৰু আৰক্ষীৰো দায়িত্ব আছে যে আৰক্ষী বা চৰকাৰক কেনেকৈ কেইজনমান সাক্ষীয়ে মিছা অপবাদ দিব পাৰে? গতিকে অভি-নীলৰ ন্যায়ৰ ক্ষেত্ৰত আৰক্ষী আৰু চৰকাৰৰ দৃঢ় পদক্ষেপৰ প্ৰয়োজন আছে।‘ শইকীয়াই এইদৰে কয়।

ইপিনে, চৰকাৰে যদি দৃঢ় পক্ষেপ নলয় তেন্তে এইধৰণৰ গণহত্যাৰ ঘটনা ৰোধ কৰাটো বহু কঠিন হ’ব বুলি তেওঁ সদৰী কৰে

ইপিনে, সমগ্ৰ দেশতে এখন গণপ্ৰহাৰ বিৰোধী আইনৰ নিত্যান্ত প্ৰয়োজন বুলি দাবী কৰি তেওঁ লগতে কয়, ‘এই কথা ২০১৮ চনৰ জুলাই মাহত উচ্চতম ন্যায়ালয়ে কৈছে। উচ্চতম ন্যায়ালয়ে কৈছে যে ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰে এখন আইন আনিব লাগে যাতে ঘটনাবোৰ ৰোধ কৰিব পাৰি।‘

এই কথাবোৰৰ ক্ষেত্ৰত সংসদ বা বিধানসভাৰ মজিয়াত যিধৰণে আলোচনা হ’ব লাগিছিল সেয়া হোৱা নাই বুলিও অভিযোগ তোলে শইকীয়াই।

‘‘The Assam Witch haunting (PPP) Act 2015’ এই আইনখন ২০১৫ চনত বিধানসভাত গৃহীত হৈছিল। ২০০৮ চনৰ পৰা মানৱ অধিকাৰ কৰ্মী হিচাপে যি সংগ্ৰাম কৰিছিলো তাৰ পাছতে এই আইনখন গৃহীত হ’ল। ২০১৮ চনৰ ১৩ জুনত ৰাষ্ট্ৰপতিয়ে সৰ্ব সন্মতিক্ৰমে ইয়াত হস্তাক্ষৰ কৰে।‘ শইকীয়াই এইদৰে কয়।

ইপিনে, শইকীয়াই অন্ধ-বিশ্বাস-কু সংস্কাৰৰ সমান্তৰালকৈ গণপ্ৰহাৰৰ বিৰুদ্ধেও এক সংগ্ৰাম আৰম্ভ কৰা বুলি উল্লেখ কৰি লগতে কয়, ‘তিনিমাহৰ ভিতৰতে ক’ত কেনেকৈ কামবোৰ আগবাঢ়িছে সেইসমূহ গম পাব। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ মানৱ অধিকাৰ কৰ্মীসকলৰ সৈতে কথা-বতৰা হৈছে। তেওঁলোকক অসমৰ পৰা এই সংগ্ৰাম আৰম্ভ কৰিম বুলি আৰু তেওঁলোককো নিজৰ নিজৰ ৰাজ্যৰ পৰা এই সংগ্ৰাম আৰম্ভ কৰিবলৈ কোৱা হৈছে।‘

‘আশা কৰিছো ‘The Assam Witch haunting PP Act 2015’ ৰ দৰে এখন আইন সংগ্ৰামৰ অন্তত লাভ কৰিবলৈ সক্ষম হ’ম।‘ শইকীয়াই কয়।

ইপিনে, উৰাবাতৰিয়েও গণপ্ৰহাৰৰ দৰে ঘটনাবোৰ সংঘটিত কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে আৰ্থিক স্বচ্ছতা,সমাজ পৰিবৰ্তনৰ শিক্ষা আৰু মানৱতাৰ কথাও ইয়াত জৰিত হৈ আছে।‘

তেওঁ আৰু কয়, ‘তৃণমূল পৰ্য্যায়ৰ পৰা শিক্ষা ব্যৱস্থা টনকিয়াল নোহোৱালৈকে এইধৰণৰ ঘটনাবোৰ ঘটি থাকিব। আমি প্ৰতিজনে সজাগ হ’ব লাগিব যে আজি বেলেগৰ লগত এনে হোৱাৰ পাছতো যদি আমি মাত নামাতো বা সজাগ-সতৰ্ক নহওঁ তেন্তে নিজৰ লগতো তেনেকুৱা কেতিয়াবা হ’ব।‘

সেইবাবেই এনেধৰণৰ ঘটনাবোৰ সংঘটিত হৈ আছে বুলি উল্লেখ কৰে শইকীয়াই।

আনহাতে, ড০ দিব্যজ্যোতি শইকীয়াই এই দিশত নিজে সহায়ৰ বাবে আগুৱাই অহাত তেওঁক ধন্যবাদ জ্ঞাপন কৰে নিলোৎপলৰ পিতৃ গোপাল চন্দ্ৰ দাস আৰু অভিজিতৰ পিতৃ অজিত কুমাৰ নাথে।

তদুপৰি, আদালতত যি মোকৰ্দমা চলি আছে সেয়া নিশ্চয়কৈ চলি আছে যদিও লেহেমীয়া হৈছে বুলি আমাৰ সাংবাদিকৰ আগত নিলোৎপলৰ পিতৃয়ে কয়।

নিলোৎপলৰ পিতৃৰ অভিযোগ ‘৭১ গৰাকী সাক্ষীৰ ভিতৰত মাত্ৰ ২১ গৰাকী সাক্ষীৰহে ভাষ্য লোৱা হ’ল। ১৩ গৰাকী চাক্ষুষ সাক্ষীৰ ভিতৰত মাত্ৰ ৬ গৰাকীয়ে ঘটনাৰ সত্যতা আদালতত জনালে। বাকী ৫ গৰাকীয়ে এই গোটেই ঘটনা মিছা বুলি কৈছে।‘

তদুপৰি, ডিফু আদালতত আৰক্ষীয়ে ভয় দেখুওৱাৰ বাবে বা শিকাই দিয়াতহে তেওঁলোকে তেনেকৈ কোৱা বুলি নগাওঁ সত্ৰ ন্যায়াধীশ আদালতত ক’লে বুলি নিলোৎপলৰ পিতৃয়ে জনায়।

নিলোৎপলৰ পিতৃৰ মতে ‘কোনো চক্ৰই এই সাক্ষীসকলক পৰিচালনা কৰিছে। হয়তো ভীতি প্ৰদৰ্শন কৰিছে বা মিছা কোৱাত উৎসাহিত কৰিছে।

ইপিনে, ফাৰ্ষ্ট ট্ৰেক আদালতত গোচৰটোৰ মোকৰ্দমা নচলিল কিন্তু ই কেৱল ফ্ৰাষ্টট্ৰেক ট্ৰাইলহে কৰিলে বুলি নিলোৎপলৰ পিতৃয়ে জনায়।

‘ড০দিব্যজ্যোতি শইকীয়াই আমাক এক আশাৰ বতৰা দিছে। মোকৰ্দমাটো সু-সমাধানৰ ক্ষেত্ৰত তেওঁ যত্ন কৰিব। তেওঁ এইদৰে আগুৱাই অহাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰিলো।‘ অভিজিত নাথৰ পিতৃয়ে এইদৰে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm
খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

September 18, 2025 7:25 pm
মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

September 18, 2025 6:45 pm
মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

September 18, 2025 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm
খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

September 18, 2025 7:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd